নিউজ ডেস্কঃ
ডিফু : পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুৰ অসম ৰাইফলছত জোৱান ভৰ্তিৰ বাবে চলি থকা মকললৈ ৰে’ল যোগে মহাৰাষ্ট্ৰৰ পৰা অহা বহু কেইজন যুৱকৰ দেহত মাৰাত্মক ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰিছে ৷ বিগত কেইদিন ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ডিফুস্থিত অসম ৰাইফলচত ৰে’ল যোগে ডিফুলৈ যুৱকৰ লানি নিছিগা সোঁত বৈছে ৷ মকলত যোগদান কৰিবলৈ কৰোণা পৰীক্ষা কৰাটো বাধ্যতামূলক হোৱাৰ বাবে সেই সকল যুৱকক ডিফু ৰে’ল ষ্টেচনতে আগভেটি স্বাস্থ্য বিভাগৰ দ্বাৰা সেই সকল যুৱকক কৰোণা পৰীক্ষা কৰি থকা হৈছে ৷ এনে স্থলত কাৰ্বি পাহাৰত ক’ৰণাৰ ভয়ংকৰ গণসংক্ৰমণৰ আশংকা কৰা হৈছে ৷ আজি ডিফু ৰেল ষ্টেচনত দুপৰীয়া ১২ বজালৈকে ১০ গৰাকী ৰে’লযাত্ৰী ক’ভিড পজিটিভ থকাৰ বিপৰীতে সন্ধিয়ালৈকে এই সংখ্যা ১৮ জনসৈ বৃদ্ধি পোৱাৰ কথা জানিব পৰা গৈছে ৷
ইয়াৰোপৰি সমগ্ৰ কাৰবি আংলং জিলাত আজি সন্ধিয়া ৰ্ৰাপ্ত তথ্য অনুসৰি বোকাজানত ১২টা, ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত ৫টা আৰু ডিফু কেলষ্টেচনত ১৮ ক’ভিড পজিটিভ কেচকলৈ মুঠ ৩৫টা ক’ভিড ১৯ পজিটিভ কেচ নথিভূক্ত কৰা হৈছে ৷ ডিফু ৰে’লষ্টচনত পোৱা ক’ভিড ৰোগী সকলকএম্বুলেন্সযোগে গোটেই DMCHলৈ যোৱা হৈছে ৷ কালিও ১২ৰাকী ৰে’লযাত্ৰীৰ দেহত ধৰা পৰিছিল ক’ভিড পজিটিভ ৷