ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ডিফু নিৰ্বাচনী জিলাৰ অন্তৰ্গত হাওৰাঘাট আৰু ডিফু বিধানসভা সমষ্টিৰ বাবে আজি চূড়ান্ত ভোটাৰ তালিকাখন ঘোষণা কৰা হৈছে ৷ কাৰবি আংলং জিলাৰ উপায়ুক্ত দিবাকৰ নাথে আজি দিনৰ প্ৰায় ১১ মান বজাত ডিফুস্থিত উপায়ুক্ত কাৰ্যালয়ৰ আলোচনা কক্ষত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতত এক সংবাদ মেল আয়োজন কৰি চূড়ান্ত ভোটাৰ তালিকাৰ সবিশেষ দাঙি ধৰে ৷
উল্লেখযোগ্য যে, আজি ঘোষিত হোৱা ভোটাৰ তালিকা অনুসৰি ১৮নং হাওৰাঘাট বিধানসভা সমষ্টিত বিগত বিধানসভা নিৰ্বাচনত ৬৫,৬৯৬ গৰাকী পুৰুষ আৰু ৬৬৬৪২ গৰাকী মহিলা ভোটাৰকে ধৰি এগৰাকী তৃতীয় লিংগৰ ভোটাৰকলৈ মুঠ ১৩২৩৩৯ গৰাকী ভোটাৰৰ বিপৰীতে আজি ঘোষিত তালিকা অনুসৰি ৬৭,১৩৭ গৰাকী পুৰুষ,৬৮, ৭৫০ গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিংগৰ ভোটাৰকে ধৰি মুঠ ভোটাৰৰ সংখ্যা ১,৩৫,৮৮৮ ৷ সেই অনুসৰি বিগত বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ তুলনাত বৰ্তমান হাওৰাঘাট বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা ৩৫৪৯ গৰাকীলৈ বৃদ্ধি পাইছে ৷ উল্লেখিত সময়ছোৱাত সমষ্টিটোত ভোটাৰৰ বৃদ্ধিৰ সংখ্যাৰ হাৰ ২’৬১ শতাংশ ৷
আনহাতে ১৯নং ডিফু (জনজাতি) বিধানসভা সমষ্টিত বিগত বিধানসভা নিৰ্বাচনত ১,০০২৩৭ গৰাকী পুৰুষ,৯৯,৭৩৭ গৰাকী মহিলা আৰু ৯ গৰাকী তৃতীয় লিংগৰ ভোটাৰকে ধৰি মুঠ ৯৯,৯৯৮ গৰাকী ভোটাৰৰ বিপৰীতে আজি প্ৰকাশিত সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা ২,০৫৭৮০ ৷ সেই অনুসৰি বিগত বিধানসভা নিৰ্বাচনৰ তুলনাত বৰ্তমান ডিফু বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা ৫৭৯৭ গৰাকী বৃদ্ধি পাইছে ৷ উল্লিখিত সময়ছোৱাত সমষ্টিটোত ভোটাৰৰ বৃদ্ধিৰ হাৰ ২’৮১ শতাংশ ৷
প্ৰসংগ ক্ৰমে উল্লেখযোগ্য যে, যোৱা ১ নৱেম্বৰত দুয়োটা সমষ্টিৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰাৰ লগতে নৱেম্বৰৰ ৩০ তাৰিখলৈ ওজৰ-আপত্তি গ্ৰহণ কৰাৰ পিছতে আজি চূড়ান্ত তালিকাখন ঘোষণা কৰে ৷ চূড়ান্ত ভোটাৰ তালিকাৰ প্ৰতিলিপি ৰাজনৈতিক দলসমূহলৈ প্ৰেৰণ কৰা হৈছে বুলি উপায়ুক্ত কৰিবলৈ জানিব দিছে ৷ আজিৰ সংবাদমেলত নিৰ্বাচনী বিষয়া কাব্যশ্ৰী দিহিঙ্গীয়া আৰু অতিৰিক্ত উপায়ুক্ত ৰাজেছন টেৰাঙ উপস্থিত থাকে ৷