ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : শীতৰ আৰম্ভনিৰ লগে প্ৰতি বছৰে ৫ জানুৱাৰীৰ দিনটোত কাৰবিসকলৰ লোকাচাৰ (জনবিশ্বাস) মতে কাৰবি আংলঙৰ গাঁৱে-ভূঁয়ে সীমাহহীন উৎসাহ উদ্দীপনাৰ মাজেৰে ৰংকেৰ পূজা উদযাপন কৰি অহা হৈছে ৷ এইলৈ কার্বি আংলং আৰু পশ্চিম কার্বি আংলং জিলাৰ কার্বি জনজাতি বসতিপূর্ণ এলেকাসমূহত আজি দিনজোৰা কার্যসূচীৰে উলহ-মালহেৰে ৰংকেৰ পূজা পালন কৰা হয়।
এই উপলক্ষে আজি দিনযোৰা কাৰ্যসূচীৰে পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুৰ বিভিন্ন গাঁৱৰ লগতে ৰংচাম্প্ৰী আৰু চিফংচাজিৰতো কাৰবি পৰাম্পৰাগত নিয়ম অনুসৰি ৰংকেৰ পূজা উদযাপন কৰা হয় ৷ এই উপলক্ষে আজি পাহাৰীয়া জিলাৰ সদৰ ডিফুৰ লৰুলাংচ, চিফংচাজিৰ, ৰংচ’পি ৰংক্লাৰবং, ৰংচামপ্ৰী, বৰলাংফেৰ আদি কৰি সকলোবোৰ গাঁৱত কাৰবি পৰাম্পৰাগত প্ৰথাৰে পূজাৰি সকলে নানা ধৰণৰ মন্ত্ৰ উচ্চাৰণ কৰি এই ৰংকেৰ পূজা সম্পন্ন কৰি দেৱতাসকলক তুষ্ঠ কৰে ৷ কেইবাটাও থানত কুৰুচাৰ আৰু দেউৰীসকলে পূজা সম্পন্ন কৰা পৰিলক্ষিত হয় ৷
উল্লেখযোগ্য যে, মূলতঃ কৃষিপ্রধান জনজাতীয় সমাজখনক বিভিন্ন ৰোগ-ব্যাধি, অপায়-অমংগল, অপদেৱতাৰ কু-দৃষ্টিৰ পৰা ৰক্ষা কৰাৰ বাবে সর্বশক্তিমানগৰাকীলৈ পূজা আগবঢ়াই কার্বিসকলৰ সমাজত পূর্বৰে পৰা ৰংকেৰ পূজা পালন কৰি অহা হৈ আহিছে। প্রতি বছৰে জানুবাৰী মাহৰ পাঁচ তাৰিখে এই উৎসৱ পালন কৰা হয়। সেই অনুসৰি, পাহাৰীয়া এলেকাটোৰ কাৰ্বি বসতিপূর্ণ এলেকাসমূহত ৰংকেৰ পূজা উপলক্ষে বিগত কেইবাদিন ধৰি এক উৎসৱমূখৰ পৰিৱেশ অব্যাহত আছে। ৰংকেৰ পূজাৰ বিধি অনুসৰি আজি পুৱাৰ ভাগত কার্বি সমাজৰ কুৰুচাৰ (পুৰোহিত) আৰু দেউৰী (সহায়কাৰী)সকলে বিধিগত নীতি নিয়মৰ মাজেৰে উপাস্য দেৱতালৈ পূজা আগবঢ়াই গাঁওসমূহক সকলো ধৰণৰ অপায় অমংগলৰ পৰা ৰক্ষা কৰাৰ লগতে আহিবলগীয়া বর্ষটো সকলো ক্ষেত্রৰ পৰা নদন-বদন কৰি তোলাৰ বাবে প্রার্থনা জনায়।
পূজাৰ লগতে উপাস্য দেৱতালৈ উছর্গা কৰি বলি-বিধানৰো ব্যৱস্থা কৰা হয়। পূজাৰ অন্তত গাঁৱৰ সকলো ৰাইজে মিলি-জুলি ভোজ-ভাত খাই বছৰটোৰ বাবে কর্মজীৱনৰ পাতনি মেলে। ৰংকেৰ পূজাৰ সৈতে সংগতি ৰাখি কোনো কোনো স্থানত সাংস্কৃতিক কার্যসূচীৰো ব্যৱস্থা কৰাৰ বাতৰি পোৱা গৈছে।