ছাইদুল ইছলাম
ডিফু : যোৱা ২৫ ডিচেম্বৰত দেশৰ প্ৰধান নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা অনুসৰি সমগ্ৰ দেশৰ লগতে কাৰবি আংলং জিলাত আজিৰে পৰা ১৫ বছৰৰ পৰা ১৮ বছৰৰ যুৱক-যুৱতীসকলৰ মাজত কৰ’না প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰা হয় ৷ এসপ্তাহ ধৰি চলিবলগীয়া এই বিশেষ অভিযানৰ অংশ স্বৰূপে আজি বিদ্যালয়সমূহত স্বাস্থ্য কৰ্মীৰ দল উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কৰ’নাৰ প্ৰতিষেধক প্ৰদান কৰে ৷ কেইবাগৰাকী কাৰ্যবাহী দণ্ডাধীশ আজিৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰত উপস্থিত হৈ অভিযানৰ বুজ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলকো প্ৰতিষেধক লোৱাৰ বাবে উৎসাহিত কৰে ৷ ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত এই উদ্দেশ্য কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক সভাত দুগৰাকী ছাত্ৰক আনুষ্ঠানিক বাবে কভেক্সিন ভেকচিন প্ৰদান কৰি অভিযানৰ শুভাৰম্ভ কৰে ৷
অভিযানটোৰ শুভ উদ্ধোধন কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে ৷ সভাত মুথ্য অতিথি হিচাপে থাকি কৰা ভাষণ প্ৰসংগত তুলিৰাম ৰংহাঙে কয় যে, বিনামূলীয়া কৰনাৰ প্ৰত্ষেধক প্ৰদান অভিযানত জিলাখনৰ স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে সন্মিলিতভাবে কাম কৰি যোৱা বুলি মন্তব্য কৰে ৷ সাংসদ হৰেণছিং বে’ই ভাষণ প্ৰদান কৰি কৰ’নাৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখনৰ ক্ষেত্ৰত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে ৷ কাৰবি আংলং জিলাৰ উপায়ুক্ত দিবাকৰ নাথে প্ৰদান কৰা ভাষণত এই প্ৰতিষেধক প্ৰদান অভিযানত কাৰবি আংলঙৰ প্ৰায় চাৰিশ বিদ্যালয়ৰ প্ৰায় ত্ৰিশ হাজাৰ ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হৈছে বুলি মন্তব্য কৰে ৷