ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : চুবুৰীয়া ৰাষ্ট্ৰ নেপালত যোৱা ৩০ আৰু ৩১ ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা ছাউথ এছিয়ান ৰ’প স্কিপিং চেম্পিয়নশ্বীপত ভাৰতক প্ৰতিনিধিত্ব কৰি কাৰবি আংলঙৰ তিনিগৰাকী খেলুৱৈয়ে বিশেষ কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে ৷ টুৰ্ণামেণ্টখনত জেচিকা টেৰণপীয়ে স্পীড হপ আৰু ৩০ ছেকেণ্ডৰ শিতানত একোটাকৈ সোণ, চি-ইম ক্ৰ’ৱে স্পীড হপত ব্ৰঞ্জ আৰু চামিনেট আংৰং তিচপীয়ে স্পীড হ’পত সোণ আৰু ৩০ ছেকেণ্ডৰ শিতানত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৰে’লযোগে আজি তিনিওগৰাকী খেলুৱৈ ডিফুত উপস্থিত হোৱাত ৰে’ল ষ্টেচনৰ পৰা ডিফু চহৰৰ মাজেৰে সমদল কৰি কাছা খেল পথাৰলৈ তাল-খোল বজাই ক্ৰীড়াপ্ৰেমীয়ে আদৰি অনা পৰিলক্ষিত হয় ৷ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ তৰফৰ পৰাও খেলুৱৈ তিনিগৰাকীক কাছা খেলপথাৰত সম্বৰ্ধনাৰ লগতে উষ্ম আদৰণি জনোৱা হয় ৷