ছাইদুল ইছলাম
ডিফু : কাৰবি আংলং জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অহা ৫ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰীলৈকে অনুষ্ঠিত কৰা হ’ব পঞ্চম চিইএম স্বৰ্ণ কাপ ফুটবল প্ৰতিযোগিতা ৷ কাৰবি আংলং ক্ৰীড়া সন্থাৰ সভাপতি তথা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাছা কনফাৰেন্স হলত এক সংবাদ মেলৰ আয়োজন কৰি এই কথা সদৰি কৰে ৷ কাৰবি আংলং জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক পংকজ টেৰণৰ উপস্থিতিত মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে বিশেষ টুৰ্ণামেণ্টখনত কাৰবি আংলং, ডিমা হাচাও জিলাৰ ফুটবল দলৰ উপৰিও গোসাইগাওঁ শ্বিলঙৰ লাজং, কলকাতা, চিকিম, মেঘালয়কে ধৰি মুছ ১২টা দলে অংশগ্ৰহণ কৰিব বুলি সদৰি কৰে ৷ নিশাৰ ভাগত ফ্লাড লাইটত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত খেলখন অনুষ্ঠিত কৰা হ’ব ১৮ জানুৱাৰীত ৷ প্ৰতিযোগিতাৰ চেম্পীয়ন, ৰাণাৰ্চ আপ আৰু তৃতীয় স্থানৰ দলক ক্ৰমে তিনি লাখ, দুই লাখ আৰু ১ টকাৰ পুৰষ্কাৰেৰে পুৰষ্কৃত কৰা হ’ব বুলি জানিব দিয়ে ৷
আনহাতে খেলুৱৈসকলৰ থকা-খোৱা মেলাৰ সকলো ব্যৱস্থা কাৰবি আংলং ক্ৰীড়া সন্থা আৰু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে বহন কৰিব বুলি সংবাদ মেলত উল্লেখ কৰে সভাপতিগৰাকীয়ে ৷ ইয়াৰোপৰি সাধাৰণ দৰ্শকৰ বাবে খেল উপভোগ কৰা সম্পূৰ্ণ বিনামূলীয়া হোৱাৰ বিপৰীতে চকীৰ আসনত নুন্যতম মাচুল লোৱা হ’ব বুলি জানিব দি দৰ্শকসকলক কোনো মাদক জাতীয় দ্ৰব্যলৈ প্ৰৱেষ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে কাৰবি আংলং ক্ৰীড়া সন্থাই ৷
কাছাৰ সাধাৰণ সম্পাদক পংকজ টেৰণে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি উক্ত টুৰ্ণামেণ্টত এএছইবি গুৱাহাটী,চিমৰবিয়া এফচি মণিপুৰ, গ্ল’ৱেল এফচি গোসাই গাওঁ, ক্লিৰদাপ এফচি, আচাম পুলিছ ব্লু,হায়দৰাবাদ এফচি, নৃশিলং লাজং এফচি,চুজাচেন এছএ চিকিম, পশ্চিম কাৰবি আংলং ক্ৰীড়া সন্থা একাদশ, ডিমা ইউনাইটেড এফচি, ডিমা হাচাও, কাৰবি আংলমৃং মৰ্ণিং ষ্টাৰ এফচি আৰু ছাউদাৰ্ণ সমিতি কলকাতাই অংশগ্ৰহণ কৰিব ৷ উদ্ধোধনী খেলখন অনুষ্ঠিত হ’ব ডিমা ইউনাইটেড বনাম কাৰবি আংলং মৰ্ণিং ষ্টাৰ এফচিৰ মাজত ৷