![]()
স্বাস্থ্য প্ৰতিবেদন:
মিছামাছৰ আছে বিভিন্ন শাৰীৰিক গুৰুত্ব৷ চাওঁ আহক মিছামাছে শৰীৰৰ কেনে উপকাৰ সাধিব পাৰে৷
প্রটিনৰ উৎস
প্রতি ৬৫ গ্রাম মিছামাছত থাকে ২০ গ্রাম প্রটিন। যিয়ে দৈনিক প্রটিনৰ চাহিদার প্রায় ৪০ শতাংশ পূৰণ কৰে।
হৃদযন্ত্রক ভালে ৰাখে
মিছামাছত আছে এইকোছাপেনটাইনোইক আৰু ডোকোছাহেক্সাইনোইক এচিড। ইয়াৰ উপৰি মিছামাছত আছে প্রচুৰ পৰিমাণে ডিএইচএ। এই উপাদানবোৰে হৃদ্যন্ত্রক ভালে ৰখাৰ লগতে হদৰোগৰ সম্ভাৱনা কমায়।
স্নায়ুৰ ৰোগ প্রতিৰোধ কৰে
মিছামাছে পার্কিনছন ৰোগ প্রতিৰোধ কৰাত সহায় কৰে। মিছামাছে শৰীৰৰ যাৱতীয় প্রদাহ কমোৱাত সহায় কৰে।
অন্তঃসত্ত্বা মাতৃৰ যত্নত
গর্ভত থকা শিশুৰ নিউৰোকগনিটিভ গঠনত অত্যন্ত উপকাৰী মিছামাছ। অৱশ্যে কেৱল মিছামাছ বুলিয়ে নহয়, সকলো সামুদ্রিক মাছেই অন্তঃসত্ত্বা অৱস্থাত শৰীৰৰ বাবে অত্যন্ত উপকাৰী।













