নিউজ ডেস্কঃ
এইবাৰ অশ্লীলতাৰ অভিযোগ উঠিল পৰীমণিৰ বিৰুদ্ধে। তাৰ ফলত সোমবাৰে পুনৰ আইনী জাননী পালে বাংলাদেশৰ বিতর্কিত নায়িকাগৰাকীয়ে। বাংলাদেশৰ সংবাদ মাধ্যমৰ সূত্র মতে, ফেচবুকত তেওঁ পোষ্ট কৰা একাধিক ছবি আৰু ভিডিওক অশ্লীল আখ্যা দি আইনী জাননী প্ৰেৰণ কৰা হৈছে নায়িকাগৰাকীলৈ। জাননী পঠাইছে দেশখনৰ সর্বোচ্চ আদালতৰ অধিবক্তা খণ্ডকাৰ হাচান শ্বাহৰিয়াৰ আৰু ঢাকা জজ কোর্টৰ অধিবক্তা ইছমাতুল্লাহ লাকী তালুকদাৰে। নির্দেশ দিয়া হৈছে, ৩০ দিনৰ ভিতৰত ফেচবুকৰ পৰা উক্ত ধৰণৰ ছবি আৰু ভিডিওবোৰ আঁতৰাব লাগিব পৰীমণিয়ে।
উল্লেখ্য, ১ ছেপ্টেম্বৰত ড্ৰাগছ গোচৰত কাৰাগাৰৰ পৰা জামিন মুক্তি পাইছিল পৰীমণিয়ে। ১৫ ছেপ্টেম্বৰত পুনৰ তেওঁ গোচৰৰ শুনানিৰ বাবে আদালতত উপস্থিত হয়। দুয়ো দিনাই তেওঁ হাতত লিখা আছিল কিছু বিতৰ্কিত কথা৷ পৰীমণিলৈ পঠোৱা জাননী অনুযায়ী, সেইবোৰ আছিল কুৰুচিকৰ। ২৪ অক্টোবৰত ঢাকাৰ পঞ্চতাৰকা হোটেলত ৩০ বছৰীয়া জন্মদিনৰ আয়োজন কৰিছিল পৰীমণিয়ে। তাত তেওঁৰ পোছাক, নৃত্য, অংগী-ভংগীক লৈও উঠে অশ্লীলতাৰ প্রশ্ন।