![]()
স্বাস্থ্য প্ৰতিবেদন:
বহু ক্ষেত্রত কিডনিৰ সমস্যাৰ উপসর্গবোৰ অতি মৃদু হয়৷ যাৰ বাবে প্ৰথম অৱস্থাত বুজি পোৱা নাযায়। এই ক্ষেত্ৰত তলৰ লক্ষণবোৰ থাকিলে আগতীয়াকৈ সাৱধান হওক।
১। সকলো সময়তে ক্লান্ত অনুভৱ
কাম-কাজৰ উদ্যম হেৰুৱাই পেলোৱাটো বৃক্কৰ সমস্যাৰ অন্যতম প্রধান এটি লক্ষণ। বৃক্কৰ মূল কামেই হ’ল ৰক্ত পৰিশোধন। ফলত কিডনিয়ে সঠিকভাবে কাম নকৰিলে ৰক্তত বিষাক্ত আৰু অপ্রয়োজনীয় উপাদান বৃদ্ধি পাই গৈ থাকে। ফলত ক্লান্ত অনুভৱ হ’বলৈ আৰম্ভ কৰে। আনকি ৰক্তহীনতাৰ সমস্যাইও দেখা দিব পাৰে। ৰক্তহীনতাৰ অন্যতম প্রধান লক্ষণেই হ’ল স্বাভাৱিকৰ তুলনাত অধিক ক্লান্তি।
২। অনিদ্রা
কিডনিয়ে সঠিকভাৱে কাম নকৰিলে মূত্রৰ জৰিয়তে অপ্রয়োজনীয় বর্জ্য পদার্থবোৰ শৰীৰৰ বাহিৰলৈ ওলাই যাব নোৱাৰে। ই অনিদ্রাৰ অন্যতম কাৰণ। বিশেষজ্ঞসকলৰ মতে, কিডনিৰ সমস্যাত আক্রান্ত ব্যক্তিৰ টোপনি নোহোৱাৰ সমস্যা সুস্থ ব্যক্তিৰ তুলনাত বহু বেছি।
৩। ছালৰ সমস্যা
মানৱদেহত প্রয়োজনীয় লোণ আৰু খনিজ পদার্থৰ ভাৰসাম্য বজায় ৰখাও কিডনিৰ অন্যতম প্রধান কাম। ছালৰ সজীৱতা বজায় ৰাখিবলৈ আৰু হাড়ৰ স্বাস্থ্য ৰক্ষাত এই উপাদানবোৰৰ বৃহৎ ভূমিকা আছে। ফলত শুষ্ক খহখহীয়া ছাল, ছালৰ ঘা আৰু হাড়ৰ সমস্যা কিডনিৰ অসুখৰ অন্যতম লক্ষণ হ’ব পাৰে।
৪। মূত্রৰ সমস্যা
যদি আপুৱি সঘনাই মূত্র ত্যাগ কৰিবলগা হয়, তেন্তে সেয়া কিডনিৰ অসুস্থতাৰ লক্ষণ হ’ব পাৰে। বিশেষকৈ নিশা স্বাভাৱিকতকৈ বেছিবাৰ মূত্র ত্যাগ কৰিবলগা হ’লে সতর্ক হোৱাটো প্রয়োজন। মূত্রৰ সৈতে ৰক্ত ওলোৱা বা মূত্রত অতিৰিক্ত ফেন হোৱাটোও কিডনিৰ সমস্যাৰ লক্ষণ। মূত্রত এলবুমিন বেছি থাকিলে অতিৰিক্ত ফেনৰ সৃষ্টি হয়।
৫। ভৰি ফুলি যোৱা
কিডনিৰ সমস্যাত ছ’ডিয়ামৰ ভাৰসাম্য নষ্ট হয়। ইয়াৰ ফলত ভৰি ফুলি যায়। বহু সময়ত খনিজ লোণৰ ভাৰসাম্যৰ ফলত শৰীৰৰ পেশীত টান লগাৰ সমস্যাৰ সৃষ্টি হয়। মূলত কেলচিয়াম আৰু ফছফৰাছৰ সমস্যাত এনে ঘটনা ঘটে।













