ASSAM TIMES POST
নতুন দিল্লীঃ সংশোধিত যান-বাহন আইন, ২০১৯ উলংঘাকাৰীক মোটা অংকৰ জৰিমনা বিহাক লৈ সমগ্ৰ দেশত চৰ্চা অব্যাহত থকাৰ সময়তে নিষিদ্ধ পলিথিনৰ বেগ ব্যৱহাৰ তথা মজুতকৰণতো জৰিমনা বিহাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। শেহতীয়াকৈ নতুন দিল্লীত ১৮ কিগ্ৰা পলিথিনৰ বেগ মজুত ৰখা এজন ব্যৱসায়ীক ২ লাখ টকা জৰিমনা বিহা হয়। উল্লেখযোগ্য যে অহা ২ অক্টোবৰৰপৰা দেশত এবাৰ ব্যৱহৃত পলিথিনৰ ব্যৱহাৰ নিষিদ্ধ কৰা হ’ব। ইয়াৰ পূৰ্বে সেয়ে ইয়াক মজুত ৰখা ব্যৱসায়ীৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।










