![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও: নগাঁও চহৰৰ খুটিকটীয়াত আজি বিয়লি প্ৰায় ৪বাজি ৩০মিনিটত এখন ছুইফট ডিজায়াৰ বাহনলৈ লক্ষ্য কৰি দুই অচিনাক্ত যুৱকে গুলীচালনা কৰা ঘটনাক লৈ সমগ্ৰ চহৰখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। অৱশ্যে পৰৱৰ্তী সময়ত সেয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান বুলি নগাঁও আৰক্ষীয়ে অৱগত কৰে।
জানিবপৰা মতে, খুটিকটীয়াৰ ৰেডিঅ’ চেণ্টাৰৰ সমীপত এখন ছুইফট ডিজায়াৰ বাহনত ৪জনীয়া ড্ৰাগছ পেডেলাৰৰ এটা দল ৰৈ থকাৰ খবৰ লাভ কৰে আৰক্ষীৰ ড্ৰাগছ বিৰোধী স্কোৱাডে। এই খবৰ লাভ কৰি নগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক(সদৰ) ত্ৰিদিৱ কুমবাঙে মটৰচাইকেলেৰে গৈ সেই স্থানত উপস্থিত হয়। আৰক্ষী বিষয়া গৰাকীয়ে ৪জনীয়া দলটোক গাড়ীৰ পৰা নামি আহিবলৈ নিৰ্দেশ দিয়ে।
কিন্তু ড্ৰাগছ পেডেলাৰৰ দলটোৱে বাহন খনৰ পৰা নামি অহাৰ পৰিৱৰ্তে সেই স্থানৰ পৰা পলায়ন কৰে। লগে লগে উপ-আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাঙে নিজৰ চাৰ্ভিছ পিষ্টলৰে দলটোলৈ লক্ষ্য কৰি দুজাই গুলীচালনা কৰে। ড্ৰাগছ পেডেলাৰৰ দলটোৱে সেই স্থানৰ পৰা বেবেজীয়াৰ দিশলৈ পলায়ন কৰে। ইতিমধ্যে নগাঁও আৰক্ষীৰ এটা দলে ছুইফট ডিজায়াৰ গাড়ীখনৰ সন্ধানত অভিযান চলাইছে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰা নাই।













