নিউজ ডেক্স:
১৯৭৬ চনত অসমৰ ভ্রাম্যমাণ থিয়েটাৰ ইতিহাসত খোদিত হয় এটি নতুন নাম । অসমীয়া সংস্কৃতিৰ বিশ্লেষণাত্মক দৃষ্টিভংগীৰে অসমত অসমীয়া জাতীয় নাটকৰ সুত্রপাতৰ লক্ষ্যৰে আৰম্ভ হয় এক যাত্রা । ‘নটৰাজ থিয়েটাৰ’ৰ পিছত ৰতন লহকৰ আৰু কৃষ্ণ ৰয়ৰ যুটীয়া প্রচেষ্টাত আৰম্ভ হোৱা এই যাত্রাৰ নামেই হ’ল ‘কহিনুৰ থিয়েটাৰ’ ।
কহিনুৰে নাটকৰ ক্ষেত্রত এক নতুন যুগৰ সূচনা কৰাই নহয়, ভ্রাম্যমাণলৈ দর্শকৰ সোঁত বোৱাটো অগ্রণী ভূমিকা পালন কৰে । ইয়াৰ আগলৈকে ভ্রাম্যমাণ থিয়েটাৰ এক বিশেষ শ্রেণীৰ দর্শকৰ মাজতহে সীমাবদ্ধ আছিল, কিন্তু সর্বস্তৰৰ দর্শককে একত্রিত কৰি মধ্যবিত্তৰ পৰা উচ্চবৃত্তলৈকে প্রত্যেকৰে হৃদয়ত নাটকৰ ৰয় বিয়পোৱাত সফল প্রমাণিত হয় কহিনুৰ ।
এফালে যেনেকৈ কহিনুৰে ‘গ্লেমাৰ’ শব্দটোৰ সংযোজন ঘটায়, আনপিনে ভ্রাম্যমাণলৈ চলচ্চিত্র অভিনেতা-অভিনেত্রী অহাৰ প্রক্রিয়াটো ত্বৰাণ্বিত কৰি চলচ্চিত্রজগতৰ শিল্পীসকলৰ বাবে এক বিকল্প ক্ষেত্রৰো জন্ম দিয়ে ।
আনহাতে অপেছাদাৰী নাট্যগোষ্ঠীসমূহৰ অভিনেতা-অভিনেত্রীসকলৰ বাবেও ভ্রাম্যমাণ থিয়েটাৰৰ বাট মুকলি কৰাৰ ক্ষেত্রত দৃঢ়তাৰে আগভাগ লয় কহিনুৰ থিয়েটাৰে । এক কথাত, ৰতন লহকৰে কহিনুৰৰ জৰিয়তে কেৱল ভ্রাম্যমাণ থিয়েটাৰজগতলৈ নহয়, সমগ্র অসমৰ সাংস্কৃতিক ক্ষেত্রখনলৈ এক ঔদ্যোগিকমুখী ৰূপান্তৰ আনিবলৈ সক্ষম হয় ।
জন্মলগ্নৰে পৰাই কহিনুৰে নাটকৰ ক্ষেত্রত নিজৰ পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে যাৰ পৰিপ্রেক্ষিতত ৪৫বছৰীয়া এই দীঘল পৰিক্রমাত কেৱল পাঠশালাবাসীৰ বাবেই নহয় সমগ্র ভ্রাম্যমাণ থিয়েটাৰপ্রেমীৰ বাবে আৱেগস্বৰূপ হৈ পৰিছে কহিনুৰ থিয়েটাৰ ।
কিন্তু কালৰ নিষ্ঠুৰ আহ্বানত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে বিদায় লাগে নাট্যদলটিৰ প্রতিষ্ঠাপক প্রযোজক সুদক্ষ অভিনেতা ৰতন লহকৰে । পিতৃৰ অনুপস্থিতিত নাট্যদলটি সুচাৰুৰূপে পৰিচালনা কৰি কহিনুৰৰ উদ্দেশ্য আৰু ভাবধাৰা অটুট ৰখাত পুৰামাত্রাই সফল বিবেচিত হৈছে তপন লহকৰ ।
পিতৃৰ অভাৱ কোনোকালে নাট্যপ্রেমীক অনুভৱ কৰিবলৈ নিদিয়াকৈ নাটকৰ প্রতিটো দিশ অতি সাৱলীলভাৱে পৰিচালনা কৰি কহিনুৰৰ ঐতিহ্য আৰু গৰিমা ৱর্তাই ৰখাৰ ক্ষেত্রত তপন লহকৰৰ এই প্রচেষ্টা নিশ্চিতৰূপত শলাগীবলগীয়া ।
কিন্তু দুখৰ বিষয় যে, সমগ্র বিশ্বকে কঁপাই যোৱা কোৰোনা মহামাৰীৰ বাবে বিগত দুটাকৈ নাট্যবর্ষত কহিনুৰ থিয়েটাৰে দর্শকৰ মাজত নাট প্রদর্শনৰ পৰা বিৰত থাকিবলগীয়া হয় । এতিয়া দুগুণ উৎসাহ আৰু প্রস্তুতিৰে নাট্যদলটি সাজু হৈ উঠিছে পুনৰায় ২০২২-২৩ নাট্যবর্ষত বাবে ।
নতুনত্ব আৰু ব্যতিক্রমী প্রয়াসেৰে ২০২২-২৩ নাট্যবর্ষৰ বাবে তিনিওখন নাটককে সজাই তোলাৰ দিশত চিন্তা-চর্চা অব্যাহত থকা বুলি জনায় নাট্যদলটিৰ প্রযোজক তপন লহকৰে । ইতিমধ্যে জানিব পৰা গৈছে যে, ৪৬তম নাট্যবর্ষত নাট্যদলটিয়ে মঞ্চস্থ কৰিব যুৱ-নাট্যকাৰ, গীতিকাৰ, চিত্রনাট্যকাৰ ৰাজদ্বীপৰ ‘বিষ্ণুপ্রিয়া’, জনপ্রিয় নাট্যকাৰ,অভিনেতা চম্পক শর্মাৰ ‘অর্ধনাৰী’ আৰু কহিনুৰৰ পূর্বৰ ইতিহাস ৰচি থৈ যোৱা বাংলা চুপাৰহিট ছবি ‘বেদেৰ মেয়ে জোৎসা’ৰ কিশোৰ তহবিলদাৰৰ নাট্যৰূপত ‘নাগিনীৰ অমৃত দংশন’ ।
নাটকৰ সমান্তৰালকৈ এদল শক্তিশালী তথা অভিজ্ঞ নাট্যযোদ্ধাৰ দুর্দান্ত অভিনয় আগন্তুক নাট্যবর্ষত দর্শকে কহিনুৰৰ মঞ্চত প্রত্যক্ষ কৰিবলৈ পাব বুলিও লগতে প্রকাশ কৰে প্রযোজকগৰাকীয়ে