ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

৪৫ বছৰীয়া কহিনুৰৰ ২০২২-২৩ নাট্যবর্ষৰ বিশাল আয়োজন:

ASSAM TIMES POST by ASSAM TIMES POST
December 3, 2021
Reading Time: 1 min read
A A
0
৪৫ বছৰীয়া কহিনুৰৰ ২০২২-২৩ নাট্যবর্ষৰ বিশাল আয়োজন:

RELATED POSTS

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

logo new 2 1 | ASSAM TIMES POST

নিউজ ডেক্স:

১৯৭৬ চনত অসমৰ ভ্রাম্যমাণ থিয়েটাৰ ইতিহাসত খোদিত হয় এটি নতুন নাম । অসমীয়া সংস্কৃতিৰ বিশ্লেষণাত্মক দৃষ্টিভংগীৰে অসমত অসমীয়া জাতীয় নাটকৰ সুত্রপাতৰ লক্ষ্যৰে আৰম্ভ হয় এক যাত্রা । ‘নটৰাজ থিয়েটাৰ’ৰ পিছত ৰতন লহকৰ আৰু কৃষ্ণ ৰয়ৰ যুটীয়া প্রচেষ্টাত আৰম্ভ হোৱা এই যাত্রাৰ নামেই হ’ল ‘কহিনুৰ থিয়েটাৰ’ ।

কহিনুৰে নাটকৰ ক্ষেত্রত এক নতুন যুগৰ সূচনা কৰাই নহয়, ভ্রাম্যমাণলৈ দর্শকৰ সোঁত বোৱাটো অগ্রণী ভূমিকা পালন কৰে । ইয়াৰ আগলৈকে ভ্রাম্যমাণ থিয়েটাৰ এক বিশেষ শ্রেণীৰ দর্শকৰ মাজতহে সীমাবদ্ধ আছিল, কিন্তু সর্বস্তৰৰ দর্শককে একত্রিত কৰি মধ্যবিত্তৰ পৰা উচ্চবৃত্তলৈকে প্রত্যেকৰে হৃদয়ত নাটকৰ ৰয় বিয়পোৱাত সফল প্রমাণিত হয় কহিনুৰ ।

এফালে যেনেকৈ কহিনুৰে ‘গ্লেমাৰ’ শব্দটোৰ সংযোজন ঘটায়, আনপিনে ভ্রাম্যমাণলৈ চলচ্চিত্র অভিনেতা-অভিনেত্রী অহাৰ প্রক্রিয়াটো ত্বৰাণ্বিত কৰি চলচ্চিত্রজগতৰ শিল্পীসকলৰ বাবে এক বিকল্প ক্ষেত্রৰো জন্ম দিয়ে ।

আনহাতে অপেছাদাৰী নাট্যগোষ্ঠীসমূহৰ অভিনেতা-অভিনেত্রীসকলৰ বাবেও ভ্রাম্যমাণ থিয়েটাৰৰ বাট মুকলি কৰাৰ ক্ষেত্রত দৃঢ়তাৰে আগভাগ লয় কহিনুৰ থিয়েটাৰে । এক কথাত, ৰতন লহকৰে কহিনুৰৰ জৰিয়তে কেৱল ভ্রাম্যমাণ থিয়েটাৰজগতলৈ নহয়, সমগ্র অসমৰ সাংস্কৃতিক ক্ষেত্রখনলৈ এক ঔদ্যোগিকমুখী ৰূপান্তৰ আনিবলৈ সক্ষম হয় ।

জন্মলগ্নৰে পৰাই কহিনুৰে নাটকৰ ক্ষেত্রত নিজৰ পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে যাৰ পৰিপ্রেক্ষিতত ৪৫বছৰীয়া এই দীঘল পৰিক্রমাত কেৱল পাঠশালাবাসীৰ বাবেই নহয় সমগ্র ভ্রাম্যমাণ থিয়েটাৰপ্রেমীৰ বাবে আৱেগস্বৰূপ হৈ পৰিছে কহিনুৰ থিয়েটাৰ ।

কিন্তু কালৰ নিষ্ঠুৰ আহ্বানত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে বিদায় লাগে নাট্যদলটিৰ প্রতিষ্ঠাপক প্রযোজক সুদক্ষ অভিনেতা ৰতন লহকৰে । পিতৃৰ অনুপস্থিতিত নাট্যদলটি সুচাৰুৰূপে পৰিচালনা কৰি কহিনুৰৰ উদ্দেশ্য আৰু ভাবধাৰা অটুট ৰখাত পুৰামাত্রাই সফল বিবেচিত হৈছে তপন লহকৰ ।

পিতৃৰ অভাৱ কোনোকালে নাট্যপ্রেমীক অনুভৱ কৰিবলৈ নিদিয়াকৈ নাটকৰ প্রতিটো দিশ অতি সাৱলীলভাৱে পৰিচালনা কৰি কহিনুৰৰ ঐতিহ্য আৰু গৰিমা ৱর্তাই ৰখাৰ ক্ষেত্রত তপন লহকৰৰ এই প্রচেষ্টা নিশ্চিতৰূপত শলাগীবলগীয়া ।

কিন্তু দুখৰ বিষয় যে, সমগ্র বিশ্বকে কঁপাই যোৱা কোৰোনা মহামাৰীৰ বাবে বিগত দুটাকৈ নাট্যবর্ষত কহিনুৰ থিয়েটাৰে দর্শকৰ মাজত নাট প্রদর্শনৰ পৰা বিৰত থাকিবলগীয়া হয় । এতিয়া দুগুণ উৎসাহ আৰু প্রস্তুতিৰে নাট্যদলটি সাজু হৈ উঠিছে পুনৰায় ২০২২-২৩ নাট্যবর্ষত বাবে ।

নতুনত্ব আৰু ব্যতিক্রমী প্রয়াসেৰে ২০২২-২৩ নাট্যবর্ষৰ বাবে তিনিওখন নাটককে সজাই তোলাৰ দিশত চিন্তা-চর্চা অব্যাহত থকা বুলি জনায় নাট্যদলটিৰ প্রযোজক তপন লহকৰে । ইতিমধ্যে জানিব পৰা গৈছে যে, ৪৬তম নাট্যবর্ষত নাট্যদলটিয়ে মঞ্চস্থ কৰিব যুৱ-নাট্যকাৰ, গীতিকাৰ, চিত্রনাট্যকাৰ ৰাজদ্বীপৰ ‘বিষ্ণুপ্রিয়া’, জনপ্রিয় নাট্যকাৰ,অভিনেতা চম্পক শর্মাৰ ‘অর্ধনাৰী’ আৰু কহিনুৰৰ পূর্বৰ ইতিহাস ৰচি থৈ যোৱা বাংলা চুপাৰহিট ছবি ‘বেদেৰ মেয়ে জোৎসা’ৰ কিশোৰ তহবিলদাৰৰ নাট্যৰূপত ‘নাগিনীৰ অমৃত দংশন’ ।

নাটকৰ সমান্তৰালকৈ এদল শক্তিশালী তথা অভিজ্ঞ নাট্যযোদ্ধাৰ দুর্দান্ত অভিনয় আগন্তুক নাট্যবর্ষত দর্শকে কহিনুৰৰ মঞ্চত প্রত্যক্ষ কৰিবলৈ পাব বুলিও লগতে প্রকাশ কৰে প্রযোজকগৰাকীয়ে

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured2
Share8Tweet5Send

Related Posts

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
ADVERTISEMENT
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
51
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
58
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026
51
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d