ছাইদুল ইছলাম
ডিফু : কার্বি আংলং আৰু পশ্চিম কার্বি আংলং জিলাত হাতী-মানুহৰ সংঘাত প্রায় এক নিয়মীয়া ঘটনাত পৰিণত হোৱাৰৰ সময়তে কালি সন্ধিয়া কার্বি আংলঙৰ বোকাজানত বনৰীয়া হাতীৰ আক্রমণত এজন লোক নিহত হোৱাৰ বাতৰি পোৱা গৈছে। নিহত লোকজন বোকাজান বৰমান্থি মাজগাঁও নিবাসী জয়লাল পাণিকা (৫০) বুলি চিনাক্ত কৰা হৈছে।
ঘটনাৰ বিৱৰণ অনুসৰি, কালি বিয়লি প্রায় চাৰি বজাৰ পৰাই এটা উন্মত্ত বনৰীয়া হাতীয়ে বৰমান্থী মাজগাঁও এলেকাত আতংকৰ সৃষ্টি কৰি আছিল। এনে সময়তে উক্ত পথেৰে নিজ ঘৰ অভিমূখে গৈ থকা অৱস্থাতে অকস্মাতে বনৰীয়া হাতীটোৱে লোকজনক আক্রমণ কৰাত জয়লাল পাণিকাৰ থিতাতে মৃত্যু হয়। ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় লোকসকলে বন বিভাগৰ লোকক খবৰ দিয়াত বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।