স্বাস্থ্য প্ৰতিবেদন:
মাটিৰ কাপত চাহ খালে কি হয়? শৰীৰৰ ওপৰত কেনে প্রভাৱ পৰে জানেনে?
পোনতেই এটা কথা ক’ব লাগিব যে, মাটিৰ কাপত চাহ খাবলৈ বহুতেই এটা কাৰণত পচন্দ কৰে। কাৰণটো হৈছে পোৰা মাটি ৰকাপত গৰম চাহ ঢালিলে এক ধৰণৰ সুবাস বাহিৰ ওলায়। কাঁচ বা চীনামাটিৰ পাত্রত সেয়া নহয়। উক্ত গোন্ধেই চাহ খোৱাৰ আনন্দ আৰু বৃদ্ধি কৰে।
কেৱল গোন্ধেই নহয়, বিজ্ঞানীসকলৰ মতে, পোৰা মাটিৰ পাত্রত চাহ ঢালিলে তাত সামান্য পৰিমাণৰ কিছুমান ৰাসায়নিকৰ সলনি হয়। কিন্তু ইয়াৰে কোনোটোৱেই মানুহৰ শৰীৰৰ বাবে ক্ষতিকাৰক নহয়। মাটিৰ কাপত চাহ খালে কিছু সুবিধাহে হ’ব পাৰে।
পুষ্টিবিদসকলৰ মতে, পোৰা মাটিৰ পাত্রত চাহৰ দৰে গৰম পানীয় ঢালিলেও তাৰ পুষ্টিগুণ সম্পূর্ণৰূপে অক্ষত থাকে। কাগজ বা প্লাষ্টিকৰ কাপত সেইটো নহয়। কেৱল সেয়াই নয়, চাহ খালে বহুতৰে এচিডিটিৰ সমস্যা হয়। বিশেষকৈ গাখীৰ চাহ খালে বহুতেই গেছত ভোগে।
মাটিৰ পাত্ৰত চাহ খালে এই সমস্যা বহুখিনি কমি যায়। তাৰ প্রধান কাৰণ হৈছে পোৰা মাটিয়ে চাহৰ অম্লতাৰ পৰিমাণ কমাই দিয়ে।
কাগজ বা প্লাষ্টিকৰ কাপত চাহ খোৱাটো সকলোতকৈ বিপজ্জনক। কাৰণ ইয়াত হৰমোনৰ ভাৰসাম্য নষ্ট হ’ব পাৰে।