ছাইদুল ইছলাম
ডিফু : যোৱা ৪ নৱেম্বৰত ডিফু আৰক্ষী থানাৰ অধীনৰ টেৰণ গাঁও নামৰ অঞ্চলৰ ঝুম খেতিত এগৰাকী ৭০ বছবীয়া বৃদ্ধক গুলীয়াই হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ডিফু আৰক্ষীয়ে এই সন্দর্ভত এক গোচৰ ৰুজো কৰি ডিফু আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলসহ ঘটনাটোৰ অনুসন্ধান অব্যাহত ৰাখিছিল আৰু ঘটনাত জড়িত মূল অভিযুক্তসহ তিনিগৰাকীক আজি গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্রে জানিব পৰা মতে এই ঘটনাত জড়িত তিনিগৰাকীক ডিফু আৰক্ষী থানাৰ অধীনৰ ক্রমে ১নং ডিছামা, ২নং ডিছামা আৰু ছেৰলংজন নামৰ অঞ্চলৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। ঘটনাৰ মূল অভিযুক্ত জিনং তিছ (২৬)ক ১নং ডিছামাৰ পৰা, দিপছিং তিছ (১৯)ক ২নং ডিছামা আৰু বিছন বে (২১) নামৰ অভিযুক্তজনক ছেৰলংজনৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। গ্রেপ্তাৰ কৰা তিনিওজনে বুৰা ৰংফাৰ নামৰ ৭০ বছবীয়া বৃদ্ধজনক হত্যা কৰা বুলি স্বীকাৰ কৰে বুলি আৰক্ষী সূত্রে জানিব পৰা গৈছে।
মূল অভিযুক্ত জিনং তিছয়ে ঘটনাত ব্যবহাৰ কৰা হাতে সজা বন্দুকটো ছাৰপ ৰংপি গাঁৱৰ ঝুম খেতিত লুকূৱাই থৈছিল। আৰক্ষীয়ে উক্ত স্থানত তালাচী চলাই দুটা হাতে সজা বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্রেপ্তাৰ কৰা তিনিওকে আজি জিলা দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই জেল হাজোতলৈ প্ৰেৰণ কৰে ৷