ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অসমৰ উদ্যোগত আজি বিয়লি কার্বি আংলং জিলাৰ ডিফুৰ তাৰালাংছস্থিত কার্বি পিপছ হল প্রাংগণত এক সংবাদমেলৰ আয়োজন কৰি চৰকাৰৰ ওচৰত সন্মিলিতভাৱে কেইবাটাও গুৰুত্বপূর্ণ দাবী উত্থাপন কৰে।
সংবাদমেল যোগে, খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাসমূহৰ নেতৃত্বই কৰা দাবী অনুসৰি চৰকাৰে নতুনকৈ প্রৱর্তন কৰা ৰাষ্ট্রীয় শিক্ষানীতি ২০২০ অনুসৰি ২০২২ চনৰ নতুন শিক্ষাবর্ষৰ পৰাই নতুন শিক্ষানীতি প্রয়োগ কৰি মিচিং, ৰাভা, দেউৰী আৰু তিৱা ভাষাক পঞ্চম শ্রেণীলৈ আৰু কার্বি ভাষাক অষ্টম শ্রেণীলৈকে শিক্ষাৰ মাধ্যম হিচাপে প্রবর্তন কৰাৰ বাবে অসম মন্ত্রীসভাৰ কেবিনেট সিদ্ধান্ত গ্রহণ কৰি বাজ্যপালৰ দ্বাৰা আধ্যাদেশ জাৰী কৰোৱাৰ আহ্বান জনায়। লগতে প্রাক প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈকে মিচিং, ৰাভা, তিৱা, দেউৰী আৰু কার্বি ভাষাৰ পাঠ্যক্রম আৰু পাঠ্যপুথি প্রণয়নৰ কাম আৰম্ভ কৰাৰ বাবে অসম চৰকাৰৰ ওচৰত দাবী জনায়।
আনহাতে, যোৱা ৩০ ছেপ্টেম্বৰত ধেমাজিত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেটৰ বৈঠকত লোৱা কেতবোৰ সিদ্ধান্তৰ বাবেও সাহিত্য সভা সমালোচনাত সৰৱ হৈ পৰা দেখা যায়। খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ অভিযোগ অনুসৰি, উক্ত বৈঠকত মুর্কংচেলেক জনজাতীয় খণ্ড আৰু আবেষ্টনীত আহোম, কোচ-বাজবংশী, মটক আৰু গোর্খা শ্রেণীক সুৰক্ষিত শ্রেণীৰ অধিকাৰ প্রদান কৰাৰ বিপৰীতে চাৰিকড়িয়া, ঢকুৱাখনা খণ্ড আৰু আবেষ্টনীৰ ভূমি সম্পূর্ণ সংৰক্ষণমুক্ত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। ঠিক সেইদৰে যোৱা চাৰি নৱেম্বৰত অনুষ্ঠিত হোৱা কেবিনেটৰ বৈঠকত কামৰূপ মহানগৰ আৰু কামৰূপ গ্রাম্য জিলাৰ জনজাতীয় খণ্ড আৰু আৱেষ্টনীৰ ভূমি সংৰক্ষণমুক্ত কৰি অজনজাতি লোকৰ মাজত কিনা-বেচা কৰাৰ অধিকাৰ, বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, ব্যবসায়িক প্রতিষ্ঠান আৰু অসংৰক্ষিত জাতিৰ লোকক ভূমি হস্তান্তৰ কৰাৰ ক্ষেত্রত সম্পূর্ণ কৰ্তৃত্ব জিলা উপায়ুক্তসকলক দিয়া হৈছে।
ইয়াৰ উপৰি অসম ভূমি নীতি ২০১৯ৰ ১৭.৫ নং দফা সম্পূর্ণৰূপে বাতিলৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। এনে সিদ্ধান্তৰ দ্বাৰা জনজাতীয় খণ্ড আৰু আবেষ্টনীৰ ভূমিসমূহ অবাধে হস্তান্তৰ কৰি জনজাতীয় লোকসকলক নিঃশেষ কৰাৰ গভীৰ ষড়যন্ত্র কৰা বুলি প্রতিক্রিয়া প্রকাশ কৰি সভাই সদৌ অসম ট্রাইবেল সংঘৰ নেতৃত্বত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি, অসমৰ দ্বাৰা যোৱা দহ নৱেম্বৰত গ্রহণ কৰা সিদ্ধান্তলৈ খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অসমৰ তৰফৰ পৰা পূর্ণ সমর্থন জনোৱাৰ লগতে অহা ২২ নৱেম্বৰৰ জিলাভিত্তিত গণধর্ণা কার্যসূচীৰ প্রতি পূর্ণ সমর্থন জনোৱাৰ কথা সংবাদমেলযোগে ঘোষণা কৰে। লগতে, উক্ত কার্যসূচীত সভাৰ অস্তর্ভুক্ত আঠ জনজাতীয় সাহিত্য সভাৰ জিলা আৰু আঞ্চলিক সমিতিসমূহৰ নিজ নিজ জিলাত কার্যসূচীত অংশগ্রহণৰ বাবে আহ্বান জনায়।
আনহাতে, অসমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে যোৱা আঠ ছেপ্টেম্বৰত প্রকাশিত বিজ্ঞাপন অনুসৰি ২২৭২ পদ ভৈয়াম জনজাতি আৰু ১৯৭ পদ পাহাৰীয়া জনজাতিৰ প্রার্থীব বাবে সংৰক্ষিত কৰি ৰখা হৈছে। লগতে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ বাবে দশম শ্রেণীলৈকে অসমীয়া আৰু বঙালী ভাষা বাধ্যতামূলক কৰা হৈছে। যাৰ ফলত বড়ো আৰু গাৰো মাধ্যমত শিক্ষাগ্রহণ কৰা প্রার্থীসকল এই পদত আবেদন কৰাৰ পৰা বঞ্চিত হ’ব বুলি সভাই আশংকা প্রকাশ কৰে। সেয়েহে, ভৈয়াম আৰু পাহাৰীয়া জনজাতিৰ প্রার্থীৰ ক্ষেত্রত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ বাবে সভাই সংবাদমেলযোগে দাবী জনায়। ইয়াৰ উপৰি অসম আৰক্ষীৰ লিখিত পৰীক্ষাত কেৱল অসমীয়া ভাষাৰ পৰিবর্তে প্রশ্ন কাকত প্রতিটো ভাষা অথবা মাধ্যমত প্রস্তুত কৰাৰ বাবেও দাবী উত্থাপন কৰে।
যোৱা ১৩ আৰু ১৪ নৱেম্বৰত হোজাই জিলাৰ ডেকাবস্তি আৰু পাগলাবস্তিৰ মুঠ ৯৪টা গাৰো জনজাতিৰ পৰিয়ালক চৰকাৰে উচ্ছেদ কৰা কার্যক খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসমৰ তৰফৰ পৰা তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে উক্ত খিলঞ্জীয়া গাৰোসকলক উপযুক্ত ক্ষতিপূৰণসহ বর্তমানৰ বসতিস্থানতে সংস্থাপিত কৰাৰ দাবী জনায়।