ASSAM TIMES POST
নগাঁওঃ নগাঁৱৰ পঞ্চতৰুৰ উদ্যোগত আজি আৰাম্ভ হোৱা বিশ্ব জলবায়ু ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে অৰণ্য মানৱ যাদৱ পায়েঙৰ লগতে গ্ৰীণগাৰ্ডৰ অধ্যক্ষ ৰিতুৰাজ ফুকনে৷
উল্লেখযোগ্য যে নগাঁও চহৰৰ কনচেপ্ট জুনিয়ৰ কলেজৰ প্ৰায় ডেৰকুৰি ছাত্ৰ-ছাত্ৰীয়ে এই ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৰিবেশ ৰক্ষা কৰিবলৈ আহবান জনায়৷
ইয়াৰোপৰি নগাঁও কমাৰ্চ কলেজৰ অধ্যক্ষৰ লগতে অধ্যাপক আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ তদুপৰি এডিপি কলেজ,নগাঁও কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে নগাঁৱৰ বিশিষ্ট নাগৰিক সকলে যোগদান কৰা এই কাৰ্যসূচীত গ্ৰেটা থুনবাৰ্গৰ বহু চৰ্চিত ভাষণ অসমীয়াত পাঠ কৰে পঞ্চতৰুৰ স্বেচ্ছাসেৱী নয়নজ্যোতি দাসে,তদুপৰি চেজান চুজকিৰ বিশ্বত খলকনি তোলা ভাষণ অসমীয়াত পাঠ কৰে পঞ্চতৰুৰ স্বেচ্ছাসেৱী পংখী বৰাই৷ পঞ্চতৰুৰ এই ধৰ্মঘটৰ উদেশ্য আৰু পঞ্চতৰুৰ জন্মবৃত্তান্ত ব্যাখ্যা কৰে পঞ্চতৰুৰ স্বেচ্ছাসেৱী বুবুল শৰ্মাই৷