ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ডিফুত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ-মৰ্চা কাৰবি আংসং জিলা সমিতি আৰু গুৱাহাটীৰ প্ৰসিদ্ধ হায়াত হাস্পাতালৰ যৌথ উদ্যোগত শনিবাৰে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ সম্পন্ন হৈ যায় ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিৰ পৰামৰ্শ মতে বিজেপিৰ যুৱ মৰ্চাই শনিবাৰে ডিফু ক্লাৱত দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া স্বাস্থ্য শিৱিৰ অনুষ্ঠিত কৰে ৷
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি বিদ্যাচিং ইংতিয়ে কয় যে, আজি দিনজোৰা কাৰ্যসূচীৰে হায়াত হাস্পাতালৰ বিশেষজ্ঞ চিকিৎসক দলৰ সহযোগত ডিফু ক্লাৱত স্থানীয় ৰাইজৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰোৱা হয় ৷ মুঠ দুশগৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লক্ষ্যলৈ এই শিৱিৰৰ কাম আৰম্ভ কৰা হৈছে আৰু উক্ত শিৱিৰত ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰিছে বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷
আনহাতে, হায়াত হাস্পাতালৰ সহকাৰী পৰিচালক পদুম গায়নে সাংবাদিকৰ আগত কয় যে, বিজেপিৰ যুৱ-মৰ্চাৰ সহযোগত ডিফুত কৰা বিনামূলীয়া স্বাস্থ্য শিৱিৰ সফলতাৰে সম্পন্ন হৈছে হায়াত হাস্পাতালৰ হৃদৰোগ বিভাগ, বহুমূত্ৰ ৰোগ বিভাগ আৰু মুত্ৰৰোগ বিভাগৰ বিশেষজ্ঞ চিকিৎসকসকলৰ হতুৱাই স্বাস্থ্য পৰীক্ষা কৰোৱা হয় ৷ আজিৰ বিনামূলীয়া স্বাস্থ্য শিৱিৰত ক্ৰমে, বহুমূত্ৰৰোগ বিশেষজ্ঞ ডাঃ নাছিমুৰ ৰিয়াজ, হৃদৰোগ বিশেষজ্ঞ ডাঃ তীৰ্থাঙ্কৰ ৰয় আৰু মূত্ৰৰোগ বিশেষজ্ঞ ডাঃ টিকেনজিত মজুমদাৰ আৰু হায়াত হাস্পাতালৰ পৰিচালক বৈশিষ্ট শইকীয়া আৰু সহকাৰী পৰিচালক পদুম গায়নে অংশ গ্ৰহণ কৰে ৷ স্বাস্থ্য শিৱিৰত অংশ গ্ৰহণকাৰীসকলে বিজেপিৰ যৱ মৰ্চাৰ কাৰবি আংলং জিলা সমিতি আৰু হায়াত হাস্পাতাল কৰ্তৃপক্ষক এনে কাৰ্যসূচীৰ বাবে উচ্চ প্ৰসংসা কৰে ৷