ছাইদুল ইছলাম
ডিফু : মৰিগাঁৱৰ ভুৰবন্ধা খেল পথাৰত চলি থকা ২৪ সংখ্যক আন্তঃজিলা মহিলা ফুটবল চেম্পীয়ণশ্বীপত কাৰবি আংলং মহিলা ফুটবল দলে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰি সমগ্ৰ পাহাৰীয়া জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি তীব্ৰ প্ৰতিদ্বন্ধিতামূলক আজিৰ চূড়ান্তখেলত কাৰবি মহিলা ফুটবল দলে কোকৰাঝাৰ মহিলা ফুটবল দলক ২-১ গলত হেৰুৱাৱাই চেম্পীয়ণশ্বীপৰ খিতাপ অৰ্জন কৰে ৷ খেলৰ প্ৰথমাৰ্ধত ৩ মিনিটত কাৰবি আংলঙৰ হৈ মাৰটিনা বে’পীয়ে দলক ১-০ৰ অগ্ৰগতি প্ৰদান কৰে ৷ ইয়াৰ পিছত পুণৰ কাৰবি আংলং দলৰ হৈ ২৭ মিনিটত এনে কিপ্পেনে দ্বিতীয়টো গলদি কাৰবি আংলঙৰ স্কৰ ২-০ লৈ বৃদ্ধি কৰে ৷
আনহাতে খেলৰ দ্বিতীয়াৰ্ধত কোকৰাঝাৰ দলৰ হৈ ৭৮ মিনিটত কাৰবি আংলঙৰ নেটত এটা গ’ল দিয়ে যদিও দলক ৰক্ষা কৰিব নোৱাৰিলে ৷ চূডান্ত খেলখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে কাৰবি আংলঙৰ ছোনিয়া মাৰাকে৷ শ্ৰেষ্ঠ গ’লৰক্ষকৰ সন্মান লাভ কৰে কাৰবি আংলঙৰ মাধুৰী বসুমতাৰীয়ে ৷
ইয়াৰ পূৰ্বে অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক হেমিন্দ্ৰ ব্ৰক্ষ্ম আৰু কোষাধ্যক্ষ হিৰেণ গগৈ, কাৰবি আংলং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ডঃ পংকজ টেৰণ আৰু স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীৰ সৈতে খেলুৱৈসকলক পৰিচয় কৰাই দিয়া হয় ৷ চূড়ান্ত খেলখন পৰিচালনা কৰে মৃদুলা মেচে ৷ তেওঁক লাইনত সহায় কৰে সোণালী কোঁৱৰ আৰু মিণ্টু বৰদলৈয়ে ৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্ব পালন কৰে ছাইদুল ৰহমানে৷