ছাইদুল ইছলাম
ডিফু : কার্বি আংলং জিলাৰ বকলীয়াঘাটস্থিত এটা ধানকলৰ পৰা কেইবাহাজাৰ কিঃগ্রাঃ ধানসহ এখন ট্রাক চালকসহ নিৰদ্দেশ হোৱা ঘটনাক কেন্দ্র কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি বকলীয়াঘাটৰ ২নং উদালিস্থিত কমলা ৰাইচ ইণ্ডাষ্টীৰ জৰিয়তে ধান-চাউলৰ ব্যবসায় চলাই থকা গিৰিধাৰীলাল শর্মাৰ ধানকলৰ পৰা যোবা ১৫ নৱেম্বৰত চালকসহ এখন ধানভর্তি ট্রাক নিখোজ হৈ পৰে ৷
আজি ব্যবসায়ী গিৰিধাৰীলাল শর্মাই বকলীয়াঘাট থানাত দাখিল কৰা এক এজাহাৰ অনুসৰি যোৱা ১৫ নৱেম্বৰত বকলীয়াঘাটৰ ‘কমলা ৰাইচ ইণ্ডাষ্ট্ৰীৰ পৰা এএছ-১৭চি-৪১৫৯ নম্বৰৰ এল পি টি ট্রাকখনেৰে গুৱাহাটীৰ মহালক্ষী ৱেলমেন ফুডলৈ মুঠ ২৪,৫৮০ কিঃ গ্রাঃ ধান প্রেৰণ কৰা হয়। লক্ষণীয়ভাবে, তিনিদিন পূর্বে প্রেৰণ কৰা ধানসহ ট্রাকখন আজি পর্যন্ত লক্ষ্যস্থাত উপস্থিত নোহোৱাৰ লগতে তেতিয়াৰে পৰা বর্তমান পর্যন্ত ধানসহ ট্রাকখন সম্পূর্ণৰূপে সন্ধানহীন হৈ পৰে। ট্রাকখনৰ লগতে ট্রাকখনৰ চালক ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তর্গত টিলাপাৰাৰ ৰহিম আলি নামৰ চালকজনো সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।
ইফালে, বিগত তিনিদিন ধৰি ৰহস্যজনক ধানসহ ট্রাকখন সন্ধানহীন হৈ থকাৰ সন্দর্ভত ট্রাকখনৰ চালকজনৰ বিৰুদ্ধে বকলীয়াঘাটৰ কমলা ৰাইচ ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী গিৰিধাৰীলাল শর্মাই বকলীয়াঘাট থানাত এক এজাহাৰ দাখিল কৰিছে। ব্যবসায়ীগৰাকীক অভিযোগৰ ভিত্তিত বকলীয়াঘাট আৰক্ষীয়ে ৫৯/২০०২১ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি তদপ্ত অব্যাহত ৰাখিছে।