ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰ্বিআংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখতি jortokbi গাঁৱত খাদ্যত বিষক্ৰিয়া ঘটি পাঁচ গৰাকীকৈ যুৱতী চিকিৎসাধীন।
আজি দিনৰ 10:30 মান বজাত খটখতি jortokbi গাঁৱৰ পাঁচগৰাকীকৈ যুৱতীক বোকাজান সমূহীয়া চিকিৎসালয়ত চিকিৎসা প্ৰদানৰ অৰ্থে ভৰ্তি কৰোৱা হৈছিল। চিকিৎসকে প্ৰাথমিক পৰীক্ষা কৰি ঔষধ দিয়াৰ ফলতো যুৱতী কেইগৰাকীয়ে কোনো ধৰণৰ উপশম নোপোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে চিকিৎসকে ডিমাপুৰলৈ প্ৰেৰণ কৰিছে।
পুৱাৰ ভাগত ভজা ভাত আৰু ক্ৰীম বন খোৱাৰ পাছতেই উক্ত Abandant life bibal নামৰ school খনত থকা মুঠ ১৪ গৰাকী যুৱতীৰ ভিতৰত পাঁচগৰাকীৰ পেটৰ বিষ হোৱা আৰু বমি কৰা বুলি জানিব পৰা গৈছে।
পৰৱৰ্তী সময়ত লাহে লাহে যুৱতী কেইগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ততাতৈয়াকৈ বিদ্যালয় কৰ্তৃপক্ষই বোকাজান সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰে যদিও কোনোধৰণৰ উপশম নোপোৱাৰ ফলত উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰে।