ছাইদুল ইছলাম
ডিফু : যোৱা কেইটামান দিনত চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ অভিযান অব্যাহত থকাৰ সময়তে কালি সন্ধিয়া বকলীয়াঘাটত বন বিভাগে অভিযান চলাই বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়। ঘটনাৰ বিৱৰণ অনুসৰি, কালি সন্ধিয়া বকলীয়াঘাট হৈ চোৰাং কাঠ বোজাই কৰা এখন টাটা মোবাইল পাৰ হৈ যোৱাৰ তথ্য বন বিভাগে লাভ কৰে। উক্ত তথ্যৰ ভিত্তিত বন বিভাগৰ নৰ্ডাৰ্ন ৰেঞ্জৰ বকলীয়াঘাটস্থিত কাৰ্যালয়ৰ সহকাৰী বন সংৰক্ষক হৰিনাথ ৰংহাঙৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে চোৰাং কাঠৰ সন্ধানত অভিযান চলায়।
ইফালে, বন বিভাগৰ অভিযানৰ বিষয়ে জানিব পাৰি চোৰাং কাঠৰ সৰবৰাহকাৰী দুৰ্বৃত্তৰ দলটোৱে ৰজাপথাৰ তিনিআলি পাৰ হৈ অন্য এক সুকীয়া পথেৰে হোজাই জিলাৰ চিতলমাৰী অভিমূখে পলায়নৰ চেষ্টা কৰে যদিও অভিযানকাৰী বনকৰ্মীৰ দলটোৱে তৎপৰতাৰে এএছ-০৯-চি-৪৩৯১ নম্বৰৰ টাটা মোবাইল এখন জব্দ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা টাটা মোবাইলখনৰ পৰা বনকৰ্মীৰ দলটোৱে ৬২ ডাল মূল্যবান কাঠৰ ফাণ্টা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা কাঠখিনিৰ আনুমানিক বজাৰমূল্য কমেও অৰ্ধ লক্ষাধিক বুলি অনুমান কৰা হৈছে।
এই সন্দৰ্ভত বনকৰ্মীৰ দলটোৱে চোৰাং কাঠৰ সৰবৰাহৰ সৈতে জড়িত চাৰি দুৰ্বৃত্তক বনকৰ্মীৰ দলটোৱে আটক কৰিবলৈ সক্ষম হয়। ধৃত কাঠচোৰকেইটা ক্ৰমে প্ৰণৱ টেৰণ, বিষ্ণু গোৱালা, চাৰছিং টেৰণ আৰু জগু টেৰণ বুলি চিনাক্ত কৰা হৈছে।