ছাইদুল ইছলাম
ডিফু : কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত অহা চৈধ্য নৱেম্বৰত ডিফুত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী সন্দর্ভত এক আলোচনাচক্রৰ আয়োজন কৰাৰ লগতে দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰিবলগীয়া উক্ত আলোচনাচক্রত অংশ্রগ্ৰহণৰ বাবে স্থানীয় দল-সংগঠনসমূহক আমন্ত্রণ জনোৱা হৈছিল যদিও বিভিন্ন কাৰণত এই সন্দর্ভত অসন্তুষ্টি প্রকাশ কৰি উক্ত আলোচনাচক্রত অংশগ্রহণৰ পৰা বিৰত থকাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে জিলাখনৰ কেইবাটাও দল-সংগঠনৰ নেতৃবর্গই।
আজি বিয়লি ডিফুত এক সংবাদমেলৰ আয়োজন কৰি সংগঠনকেইটাৰ নেতৃবর্গই এই সন্দর্ভত নিজা অসন্তুষ্টি প্রকাশ কৰি কয় যে আলোচনাচক্রৰ বাবে আমন্ত্রণ কৰা অতিথি বক্তাসকলক উক্ত আলোচনাচক্রত মন্তব্য ৰখাৰ বাবে পর্যাপ্ত সময় দিয়াৰ পৰিবর্তে স্থানীয় দল-সংগটনৰ প্রতিনিধিবর্গক মন্তব্য ৰখাৰ বাবে তেনেই কম সময় দিয়া হৈছে। পৰিষদৰ এনে কার্যত তীব্র অসন্তষ্টি প্রকাশ কৰি বুজাবুজি চুক্তিৰ কেতবোৰ দফাক লৈ জিলাখন প্রতিবাদমুখৰ হৈ থকাৰ বাবেই এনে প্রতিবাদ নোহোৱা কৰাৰ বাবেহে পৰিষদৰ তৰফৰ পৰা এনে পদক্ষেপ গ্রহণ কৰা হৈছে।
আনহাতে, আলোচনাচক্রৰ বিষয়ে এইসকল লোকক পুর্বে জনোৱা হোৱা নাছিল বুলি অভিযোগ কৰি আলোচনাচক্রত অংশগ্রহণ কৰাৰ বাবে প্রস্তুতি চলোৱাৰ বাবে পর্যাপ্ত সময় নোপোৱাৰ বাবেও আলোচনাচক্রত অংশগ্রহণ কৰাটো সম্ভৱপৰ নহয় বুলি দল-সংগঠিনসমূহে উল্লেখ কৰে। পৰিষদৰ দ্বাৰা আয়োজিত উক্ত আলোচনাচক্রত অংশগ্রহণ নকৰাৰ সিদ্ধান্ত ঘোষণা কৰি প্রাক্তন মন্ত্রী হলিৰাম তেৰাং, এপিএইচএলচিৰ সভাপতি জে আই কাথাৰ, জাকাছৰ সভাপতি খৰছিং টেৰণ, এএছডিচিৰ উপ-সভাপতি সোণাছিং তেৰাং, চি চি ইউৰ উপ-সভাপতি ৰবীন্দ্র বংপি, এইচ টি এলৰ সভাপতি চাই ৰংপি, ২৪ প্লাছ সংগঠনৰ মুখ্য আহ্বায়ক ৰতন তেৰাং, মুখপাত্র লিটচন ৰংফাৰ, কার্বি ছাত্র সন্থাৰ সভাপতি জেমচন তিমুং আৰু চেমচন তিমুং স্বাক্ষৰিত এটা যৌথ প্রেছ বিবৃতি যোগেও উক্ত আলোচনাচক্রত অংশগ্রহণ নকৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।