ছাইদুল ইছলাম
ডিফু : ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্রক্রিয়াৰ অংশ হিচাপে অহা ১৩ আৰু ১৪ নৱেম্বৰত দুদিনীয়া কার্যসূচীৰে কার্বি আংলং জিলা ১৮নং হাওৰাঘাট আৰু ১৯নং ডিফু অনুসূচী জনজাতি বিধানসভা সমষ্টিৰ অন্তর্গত সকলো ভোটকেন্দ্র আৰু ইয়াৰ আঞ্চলিক কার্যালয়ত বিশেষ শিৱিৰৰ আয়োজন কৰা হৈছে। উক্ত শিৱিৰত ১৮ বছৰ বয়স সম্পূর্ণ হোৱা নতুন ভোটদাতাসকলে ভোটাৰ তালিকাত নাম পঞ্জীয়ন কৰিব পাৰিব তথা নাম সংশোধনৰ লগতে স্থানান্তৰো কৰিব পাৰিব।
ইয়াৰ পঞ্জীয়নৰ বাবে পাছপোৰ্ট চাইজ ফটো, জন্মৰ প্রমাণপত্রৰ বাবে আধাৰ কার্ড, পান কার্ড, ড্রাইভিং লাইচেঞ্চ আদি যিকোনো এটা স্থাৱৰ বসবাসৰ তথ্য প্রমাণৰ বাবে ৰাষ্ট্ৰীয়কৃত বেংকৰ পাছবুক, ৰাজহ বিভাগৰ নথি-পত্র, বিজুলী বিলৰ নথি-পত্র আদিৰ ভিতৰত যিকোনো এটা নথি-পত্র প্রদান কৰিব লাগিব আজি বিয়লি ডিফুত এক সংবাদমেলৰ আয়োজন কৰি জিলা উপায়ুক্ত তথা জিলা নির্বাচনী বিষয়া চন্দ্ৰধ্বজ সিনহা আৰু নিৰ্বাচনী বিষয়া কাব্যশ্ৰী দিহিঙ্গীয়াইএই কথা সদৰি কৰে।