ছাইদুল ইছলাম
ডিফু : সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰবি আংলঙতো উৎসাহ-উদ্দীপনাৰে উদযাপন কৰা হৈছে ষট পূজা। দেশৰ আন আন অঞ্চলৰ লগতে পাহাৰীয়া জিলা দুখন ক্ৰমে, পূব আৰু পশ্চিম কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তত স্থানীয় নৈৰ আৰু সূঁতিত আন আন বছৰৰ দৰে এই এইবাৰো সূৰ্য্য উপাসনাৰ ব্ৰত “ষট পূজা” পালন কৰা হৈছে। বুধবাৰে সন্ধিয়া নৈৰ ঘাটত ব্ৰত কৰা সকলে অস্তগামী সূৰ্যক পূজা অৰ্চনা কৰি অৰ্ঘ প্ৰদান কৰে৷ বৃহস্পতি বাৰে পুৱতি নিশা নৈৰ ঘাটৰ পূজাস্থলীত অজস্ৰ বিহাৰী সম্প্ৰদায়ৰ ভক্তপ্ৰাণলোক সমবেত হৈ (পানীত নামি) উদিত সূৰ্য্যক আৰাধনা তথা পূজা অৰ্চনা কৰে ৷
ডিফুত পানবাৰী, বাঘমাৰী আৰু বিৰলাতো ষট পূজা উলহ-মালহেৰে উদযাপন কৰা হয় ৷ এইলৈ ডিফু পানবাৰী ষট পুজা উদযাপন সমিতিৰ উদ্যোগত পাণবাৰী ষটঘাটত আয়োজন কৰা ষটপূজাত পূজা অৰ্চনাত ভাগলৈ সূৰ্য দেৱতাৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ ধনশিৰি সমষ্টিৰ স্থানীয় এমএচি তথা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম প্ৰদীপ ডিফুচাই সাংবাদিকৰ আগত ভক্তপ্ৰাণসকলক শুভেচ্ছা জ্ঞাপন কৰে ৷
আনহাতে পাণবাৰী ষটপূজা উদযাপন সমিতিৰ সভাৰ সভাপতি চুহন প্ৰসাত মাহাতুৱে কয় যে, বিগত বছৰত কৰ’নাৰ বাবে অনুষ্ঠিত হোৱা নাছিল যদিও এই বছৰ ষট পূজা ভক্তপ্ৰাণ সকলে সুকলমে উদযাপন কৰিব পাৰিলে ৷ কৰ”না যাতে সমগ্ৰ পৃথিৱীৰ পৰা চিৰদিনৰ বাবে নোহোৱা হয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷