ছাইদুল ইছলাম
ডিফু : অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজানত আজি আৰক্ষীয়ে অভিযান চলাই বন্দুকসহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে সীমান্তৱৰ্তী লাহৰীজানত কোনো দুৰ্বৃত্তই বন্দুক বিক্ৰীৰ বাবে অনাৰ তথ্য গোপন সূত্ৰে লাভ কৰে। উক্ত তথ্যৰ ভিত্তিত আজি বিয়লি বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণি কান্ত চমুৱা, খটখটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌলিক ব্ৰহ্ম, ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফণীধৰ ৰাভা, লাহৰীজান তহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লুটফুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা দলে লাহৰীজান চানডে বজাৰ এলেকাত অভিযান চলাই এটা এছ বি বি এল বন্দুকসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত যুৱকজন হাওৰাঘাট চাৰথে ৰংহাং গাঁৱৰ হেমাৰী ইংতি (৩৭) বুলি চিনাক্ত কৰা হৈছে।
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, বন্দুক বিক্ৰীৰ বাবে অহা অৱস্থাত কালিও জিলাখনৰ ডেনগাঁও বজাৰৰ পৰা আৰক্ষীয়ে বন্দুকসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।