ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কার্বি আংলঙৰ বনাঞ্চল তহিলং কৰি অহা চোৰাং কাঠৰ সৰবৰাহকাৰী চক্রৰ বিৰুদ্ধে শেহতীয়াকৈ জিলাখনৰ বনকর্মীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান। বিগত কেইটামান দিনত বনকর্মীৰ দলে নিয়মীয়াকৈ অভিযান চলাই বুজন পবিমাণৰ চোৰাং কাঠ জব্দ কৰাৰ লগতে কাঠৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত কেইবাটাও সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰাৰ সময়তে আজি পুৱতি নিশা জিলাখনৰ হোজাই-কার্বি আংলং সীমান্তত বন বিভাগে অভিযান চলাই বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।
প্রাপ্ত তথ্য অনুসৰি, এক গোপন সূত্রে কৰা তথ্যৰ ভিত্তিত বন বিভাগৰ নৰ্দার্ণ ৰেঞ্জৰ বকলীয়াঘাটস্থিত কার্যালয়ৰ সহকাৰী বন সংৰক্ষক হৰিনাথ ৰংহাঙৰ নেতৃত্বত বনকর্মীৰ এটা দলে কার্বি আংলং-হোজাই জিলা সীমান্তৱর্তী জাংজোক বজাৰ এলেকাত অভিযান চলায়। উক্ত অভিযানত বনকর্মীৰ দলটোরে হাবিৰ মাজত লুকুৱাই থোৱা অৱস্থাত মূল্যৱান কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয়।
আনহাতে, বনকর্মীৰ উপস্থিতিৰ উমান পাই চোৰাং কাঠৰ সৰবৰাহকাৰীসকল পলাই সাৰিবলৈ সক্ষম হয়। জব্দ হোৱা কাঠখিনিৰ আনুমানিক বজাৰ মূল্য কমেও অর্ধ লক্ষাধিক টকা হ’ব।