ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কার্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তর্গত ডেনগাঁও বজাৰত আজি আৰক্ষীয়ে অভিযান চলাই অস্ত্রসহ এজন যুৱকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই সন্দর্ভত আৰক্ষী সুত্রে লাভ কৰা এক তথ্য অনুসৰি ডেনগাঁও বজাৰত অবৈধ অস্ত্রৰ বিক্রী হোৱাৰ নিশ্চিত তথ্য গোপন সুত্রে আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হয়। উক্ত তথ্যৰ ভিত্তিত আজি বকলীয়া থানাৰ ভাৰপ্রাপ্ত বিষয়া মনজিৎ তেৰাঙ, ডকমকা থানাৰ ভাৰপ্রাপ্ত বিষয়া বিজুকিংকৰ বসুমতাৰী, উপ-পৰিদর্শক লোকেন্দ্র পাংগিঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডেনগাঁও বজাৰত অস্ত্র সৰবৰাহকাৰী চক্রৰ বিৰুদ্ধে এক দুঃসাহসিক অভিযান চলায়।
উক্ত অভিযানত আৰক্ষীৰ দলটোৱেএটা থ্ৰী নট থ্ৰী ৰাইফল আৰু এটা মেগজিনসহ তিনি জাঁই সজীৱ থ্ৰী নট থ্ৰী ৰাইফলৰ গুলী জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দর্ভত আৰক্ষীয়ে এজন যুৱকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত যুৱকজন মাঞ্জা থানাৰ অন্তর্গত লংনিট বৰজান ইংলেং গাঁৱৰ লংকি ৰংহাং ওৰফে থেংচ বুলি চিনাক্ত কৰা হৈছে। অভিযানটো পৰিচালনা কৰে বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে।