ছাইদুল ইছলাম
ডিফু : ডিফুস্থিত কার্বি আংলং জিলা প্রেছ ক্লাবত আজি বিয়লি এক সংবাদমেলৰ আয়োজন কৰি নেশ্যনেল পিপলছ পার্টী চমুকৈ এন পি পিৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূর্ণ দাবী উত্থাপন কৰা হয়। দলটোৰ ‘হিলছ অটোনমাছ ইউনিটৰ আহ্বায়ক ৱেলকাম টেৰণে সংবাদমেল সম্বোধন কৰি কার্বি শান্তিচুক্তিত সন্নিবিষ্ট থকা ২.৩ অনুচ্ছেদৰ দলটোৱে বিৰোধিতা কৰা বুলি মন্তব্য কৰে। লগতে, জিলাখনৰ খিলঞ্জীয়া যুৱকসকল চৰকাৰী সংস্থাপনৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ কৰি স্থানীয় নিবনুৱাক এশ শতাংশ খালীপদৰ বিপৰীতে নিযুক্তি প্রদানৰ দাবী জনায়। ইয়াৰ উপৰিও ১৬০০ কার্বি ভাষা শিক্ষকৰ পদত নিযুক্তি প্রদান তথা খিলঞ্জীয়া জনজাতিসকলৰ ভূমি পট্টা নিশ্চিত কৰাৰ বাবে দলটোৱে সংবাদমেলযোগে দাবী জনায়।