ছাইদুল ইছলাম
ডিফু : বোকাজানত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা । মানৱ সমাজক লজ্জানত কৰি বোকাজানত এটা লম্পটে সংঘটিত কৰিলে ধৰ্ষণ ।
এগৰাকী ৬ বছৰীয়া কিশোৰীক ধৰ্ষণ বোকাজানৰ শুকানজানৰ প্ৰমোদ যাদৱ নামৰ এটা লম্পটৰ ।
যোৱা শনিবাৰে নিশা কিশোৰীগৰাকীৰ ঘৰত সোমাই সংঘটিত কৰিছিল এই কাণ্ড । কিন্তু স্থানীয় ৰাইজ তথা ঘৰৰ মানুহে গম পোৱা নাছিল সমগ্ৰ ঘটনাৰ বিষয়ে ।
যোৱা নিশা অৰ্থাৎ দেওবাৰৰ নিশা কিশোৰীগৰাকীৰ কিছু অপ্ৰত্যাশিত কিছু আচৰণ লক্ষ্য কৰি মাক-দেউতাকে সোধাত সমগ্ৰ বিষয়টো পোহৰলৈ আহে ।
আজি পুৱাৰ ভাগত সমগ্ৰ ঘটনাৰ বিষয়ে ওচৰ চুবুৰীয়াক জনোৱাৰ পিছত স্থানীয় ৰাইজে লম্পটটোক ধৰি আনি উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে । সমগ্ৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি লম্পট প্ৰমোদ যাদৱক জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।