ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : শনিবাৰে পুৱাৰ ভাগতে ডিফুত সংঘটিত হ’ল এক শিহৰণকাৰী দুৰ্ঘটনা ৷ পানীখোৱা নাদৰ ভিতৰত আৱদ্ধ হৈ পৰিল দুই কুঁৱা মিস্ত্ৰী ৷ প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে পুৱা ৮-১৫ মান বজাত ডিফু-লামডিং পথৰ ৰংপিৰবি বজাৰৰ কাষৰ বিৰেণচন বে’ৰ বাসগৃহত চাৰিজন লোক কুঁৱাৰ কাম বিচাৰবিবলৈ আহে ৷
কুঁৱা মালিকৰ সৈতে বন্দোৱস্ত কৰি প্ৰায় ফুট দৈৰ্ঘৰ কুঁৱাটোৰ ভিতৰভাগ পৰিষ্কাৰ কৰিবলৈ প্ৰথমতে ৰামচিং ৰাজপুত কুঁৱাৰ ভিতৰত নামি পৰাৰ লগে লগে তেওঁ অক্সিজেনৰ অভাৱ অনুভৱ কৰে ৷ ৰামচিং ৰাজপুতৰ পৰা কোনো সঁহাৰি নাপাই প্ৰায় ৫৫ বছৰীয়া বিজয় কুমাৰো তলত নামি প্ৰথমজনৰ দৰে আৱদ্ধ হৈ পৰে ৷
লগে লগে সহায়ক যোগালীসকলে হূলস্থুল কৰিবলৈ ধৰাত স্থানীয় লোক উক্ত স্থানত ভিৰ কৰিবলৈ ধৰে ৷ আৰক্ষীক ঘটনাৰ খবৰ দিয়াত ডিফু অগ্নিনিৰ্বাপক বাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়া বিদ্যাচিং বে’ আৰু ডিফু থানাৰ উপ-পৰিদৰ্শক ছামছুদ্দিন আহমেদৰ নেতৃত্বত এটা অভিযানকাৰী দলে ঘটনাস্থলীত উপস্থিত হয় ৷ অভিযানকাৰী দলটোৰ লগত স্থানীয় একাংশ কুঁৱা মিস্ত্ৰী আৰু সাংবাদিকৰ যুদ্ধকালীন তৎপৰতাৰে অভিযানত নামি পৰে ৷
প্ৰথমতে এজনলোকৰ মাত-বোল বন্ধ হোৱাকলৈ তেওঁৰ মৃত্যু হোৱা বুলি সকলোৱে ভাৱিছিল ৷ অভিযানকাৰী দলটোৱে কুঁৱাটোৰ ভিতৰত প্লাষ্টিকৰ পাইপেৰে অক্সিজেনৰ যোগান ধৰি আৱদ্ধ হোৱা লোক কেইজনক জীয়াই থকাৰ শক্তি প্ৰদান কৰিছিল অৱশেষত অগ্নিনিৰ্বাপক বাহিনীয়ে অনা জখলা কুঁৱাৰ ভিতৰত নমাই দিয়াত লোক দুজন জীৱন্তে জখলা বগাই ওপৰলৈ উঠি অহাত দুঘণ্টাজোৰা ৰুদ্ধশ্বাস অভিযানৰ অন্ত পৰে ৷
পিছত লোক দুজনক গৰম কাপোৰেৰে ঢাকি দিয়াৰ লগতে মিঠাতেল সানি গা গৰম কৰা হয় ৷ ইয়াৰোপৰি ১০৮ সেৱাৰ জৰিয়তে উন্নত চিকিৎসাৰ বাবে মিস্ত্ৰী দুজনক স্থানীয় ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হয় ৷