ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : বোকাজান মহকুমাৰ খটখটীত পুনৰ জব্দ কৰা হৈছে নিষিদ্ধ ড্ৰাগছ ৷ বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰহ্ম, SI নিতুল শইকীয়াৰ সহযোগত চলোৱা তালাচীত উদ্ধাৰ কৰিবলৈ সক্ষম হয় নিষিদ্ধ ড্ৰাগছখিনি ৷ প্ৰাপ্ত খবৰ অনুসৰি খটখটী আৰক্ষীয়ে ডিমাপুৰৰ দিশৰপৰা আহি থকা AS-09-0047 নম্বৰৰ এখন স্কুটিৰ পৰা পাঁচটা চাবোনৰ বাকচত সৰবৰাহ কৰি অনা ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম।
খটখটী আৰক্ষীয়ে সৰবৰাহৰ সৈতে জড়িত খটখটী আৰক্ষী চকীৰ অন্তৰ্গত ফুলবাৰী অঞ্চলৰ স্বৰ্গীয় ভবেন কলিতাৰ পুত্ৰ কাৰ্তিক কলিতা নামৰ এজন সৰবৰাহকাৰীক আটক কৰিছে বুলি জানিব পৰা গৈছে। খটখটী আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ ওজন 63.27 গ্ৰাম হোৱাৰ বিপৰীতে জব্দকৃত ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 25 লাখৰো অধিক হ’ব বুলি জানিবলৈ দিয়ে। সৰবৰাহকাৰীটোক খটখটী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।