ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ডিফু আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ বাবে আজি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। এই উদ্দেশ্যে আজি বিয়লি জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিঙে ডিফু উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত এক সংবাদমেলৰ আয়োজন কৰি এই সম্পৰ্কে অৱগত কৰাৰ লগতে অহা ৩০ নৱেম্বৰৰ ভিতৰত ওজৰ-আপত্তি দাখিল, ২০ ডিচেম্বৰত ওজৰ-আপত্তি প্ৰত্যাহাৰ কৰাৰ সুযোগ থকাৰ পাছত ২০২২ চনৰ ৫ জানুৱাৰীত চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হʼব বুলি উল্লেখ কৰে।
১৮-০১-২০২১ তাৰিখৰ পৰা এতিয়ালৈকে দুয়োটা সমষ্টিত ৩,২৮,৭০৮ গৰাকীৰ পৰা ভোটাৰৰ সংখ্যা ৩,৩৭,৬৬৮ গৰাকীলৈ বৃদ্ধি হৈছে। ভোটাৰৰ সংখ্যাৰ বৃদ্ধিৰ এই হাৰ ২.৭৩ শতাংশ। আজিৰ সংবাদমেলত কাৰবি আংলঙৰ জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা, জিলা নিৰ্বাচনী বিষয়া কাব্যশ্ৰী দিহিঙ্গীয়া আৰু সহকাৰী নিৰ্বাচনী বিষয়া গুঞ্জন শৰ্মা উপস্থিত আছে ৷