ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : পাহাৰীয়া জিলা কাৰবি আংলঙত প্ৰবজিত পক্ষী আমুৰ ফেলকনকলৈ পক্ষী প্ৰেমীসকলৰ মাজত কঢ়িয়াই আনিছে আনন্দৰ বতৰা ৷ শীতৰ আগমণৰ লগে লগে অসমৰ পাহাৰীয়া জিলাকেইখনলৈ সুদুৰ ছাইবেৰিয়াৰ পৰা আগমণ ঘটিছে জাক জাক ফেলকন পক্ষীৰ। উল্লেখযোগ্য যে, বিগত শীতৰ আগমণৰ লগে লগে সাত সাগৰ তেৰ নদী পাৰ হৈ পাহাৰীয়া জিলাকেইখনত মাত্র কেইদিনমানৰ বাবে জিৰণি ল’বলৈ অহা ফেলকন পক্ষীৰ আগমণৰ ঘটনা প্রকৃতিপ্রেমীসকলৰ বাবে অন্যতম আকর্ষণৰ কেন্দ্র হৈ পৰা পৰিলক্ষিত হৈ আহিছে।
প্রকৃতিৰ এক অনবদ্য সংযোগ হিচাপে পৰিগণিত হোৱা এই প্রাকৃতিক পৰিঘটনাক কেন্দ্র কৰিয়েই ডিমা হাচাও আৰু পশ্চিম কার্বি আংলং জিলাত পর্যটনৰ সম্ভাৱনাই ক্রমাৎ গা কৰি উঠা দেখিবলৈ পোৱা গৈছে। যোৱা কেইটামান বছৰ ধৰি ডিমা হাচাও জিলাত পালন কৰি অহা ফেলকন পক্ষী মহোৎসৱক কেন্দ্র কৰি পাহাৰীয়া জিলাখনৰ পর্যটন ক্ষেত্রখনক লৈ প্রত্যাশাৰ সৃষ্টি হোৱাৰ পিছতে পৰিভ্ৰমী ফেলকন পক্ষীৰ অন্যতম বিচৰণস্থলী হিচাপে পৰিগণিত হৈ অহা পশ্চিম কার্বি আংলং জিলাৰ চিন্থঙতো বিগত কেইবা বছৰ ধৰি ফেলকন পক্ষী মহোৎসৱ অনুষ্ঠিত কৰি অহা হৈছে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাতে লাগি থকা পাহাৰীয়া জিলাখনৰ প্রকৃতিক পৰিৱেশ পৰিভ্রমী পক্ষীবিধৰ বাবে অনুকূল হোৱাৰ পৰিপ্রক্ষিততে চিন্থঙৰ অৰণ্যাঞ্চলত এইদৰে পৰিভ্রমী পক্ষীবিধে ভীৰ কৰা বুলি অনুমান কৰা হৈ আহিছে। বিগত বর্ষসমূহৰ দৰে এইবাৰো কার্বি ছাত্র সন্থা আৰু ফ’ৰ ছিজনছ ফাউণ্ডেশ্যন শীর্ষক বে-চৰকাৰী সংস্থাটোৰ উদ্যোগত অহা ৯, ১০ আৰু ১১ নৱেম্বৰত পশ্চিম কার্বি আংলং জিলাৰ চিন্থঙৰ মুছলদেং নামৰ ঠাইত ফেলকন পক্ষী মহোৎসৱৰ আয়োজন কৰা হৈছে।
আজি ডিফুত এক সংবাদমেলৰ আয়োজন কৰি এই বিষয়ে সংবাদমাধ্যমক অৱগত কৰে কার্বি ছাত্র সন্থাৰ সভাপতি থানছিং তিমুং আৰু ফ’ৰ ছিজন ফাউণ্ডেশ্যনৰ সভাপতি ধীৰাজ ডিফুছাই। মূলতঃ পশ্চিম কার্বি আংলং জিলাত পর্যটন ক্ষেত্রখনৰ বিকাশৰ বাবে পর্যটকক আকর্ষণৰ লগতে, বিলুপ্তপ্রায় ফেলকন পক্ষীৰ নিৰাপত্তাৰ প্রতি সজাগতাৰ সৃষ্টি কৰা, প্রকৃতি সুৰক্ষাৰ প্রতি সজাগতাৰ সৃষ্টি কৰা, শান্তি আৰু ভাতৃত্ববোধৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে এই সমাৰোহৰ আয়োজন কৰা হৈছে। তিনিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱৰ লগতে ট্রেকিং, পাৰা গ্লাইডিং, চিত্রাংকণ আদি অনুষ্ঠানৰো আয়োজন কৰা হ’ব বুলি আয়োজকসকলে জানিবলৈ দিছে। মহোৎসৱত সকলোৰে সহযোগিতা কামনা কৰিছে আয়োজকসকলে।