নিউজ ডেস্কঃ
২০২২ চনৰ মার্চত আমেৰিকা যুক্তৰাষ্ট্রত অনুষ্ঠিত হ’ব অস্কাৰৰ ৯৪তম সংস্কৰণ। বিশ্ব বিনোদনৰ সৰ্ববৃহৎ আৰু সন্মানজনক এই পুৰস্কাৰৰ দৌৰত এইবাৰ চামিল হৈছে বলিউডৰ দুখন ছবি। এখন বিদ্যা বালান অভিনীত ‘শ্বেৰনি’, আনখন সুজিত সৰকাৰ পৰিচালিত আৰু ভিকি কৌশল অভিনীত ‘চর্দাৰ উধম’।
সম্প্রতি কলকাতাৰ বিজুলী চিনেমা হ’লত চলি আছে অস্কাৰ ২০২২লৈ ভাৰতীয় ছবি নিৰ্বাচনৰ কাম। ১৫ জন বিচাৰকে ১৪খন চিনেমাৰ পৰা শ্ৰেষ্ঠ এখন ভাৰতীয় ছবিক নিৰ্বাচন কৰিব। উক্ত চূড়ান্ত নিৰ্বাচনী তালিকাত আছে ‘শ্বেৰনি’ আৰু ‘চর্দাৰ উধম’। দুয়োখন ছবিয়েই এমাজন প্রাইম ভিডিওত মুক্তি পাইছে।
‘শ্বেৰনি’ ছবিত বিদ্যা বালানে অভিনয় কৰিছে এজন বন বিষয়াৰ ভূমিকাত। যিগৰাকীয়ে মানুহক সচেতন কৰাৰ লগতে বন্যপ্রাণী সংৰক্ষণৰ বাবে কাম কৰে। এই ছবিখন পৰিচালনা কৰিছে অমিত মাচুৰকৰে।
আনহাতে,, বিপ্লবী চর্দাৰ উধম সিঙৰ জীৱন সংগ্রামৰ ওপৰত নির্মিত হৈছে ‘চর্দাৰ উধম’। ১৯১৯ চনৰ জালিৱানৱালা বাগ হত্যাকাণ্ডৰ প্রতিশোধ ল’বলৈ যিয়ে স্বাধীনতাৰ যুঁজত জঁপিয়াই পৰিছিল। ছবিখনত উধম সিঙৰ চৰিত্র ৰূপায়ণ কৰিছে ভিকি কৌশলে। পৰিচালনা সুজিত সৰকাৰৰ।
অস্কাৰৰ মঞ্চলৈ ‘শ্ৰেষ্ঠ আন্তৰ্জাতিক ফিচাৰ ফিল্ম’ কেটেগৰতে এখন ভাৰতীয় ছবি নির্বাচিত কৰি পঠোৱা হয়। এইবাৰ উক্ত তালিকাত ‘শ্বেৰনি’ আৰু ‘চর্দাৰ উধম’ৰ উপৰি আছে তামিল ছবি ‘মেণ্ডেলা’, গুজৰাটী ছবি ‘ছেল্লো ছো’ আৰু ‘নায়াত্তু’।