ASSAM TIMES POST
নগাঁওঃ নগাঁৱৰ ধিং লহকৰ আদৰ্শ গাৱঁত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় ৷ নিজ মাতৃয়ে ঘৰ জোঁৱাইৰ সৈতে মিলি পুত্ৰক হত্যা কৰি মাটিত পুতি থোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ অভিযোগ মতে, এমাহ ধৰি নিৰুদ্দেশ হৈ থকা বিতোপন দাস নামৰ যুৱকজনৰ মৃতদেহ শুকুৰবাৰে ঘৰৰ পিছফালে মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে ।
মৃতদেহটো দুপৰীয়া উদ্ধাৰ কৰে স্থানীয় ৰাইজে ৷ এমাহ পুৰ্বে নিশা পুত্ৰ বিতোপনক অত্যাচাৰ কৰি হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ নিজ মাতৃ বিবি দাস আৰু ঘৰ জোৱাই তথা টেট শিক্ষক কিশোৰ কুমাৰ ডেকাই লগ হৈ যুৱকজনক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । হত্যা কৰি মৃতদেহটো ঘৰৰ পিছফালে পুতি থয় দুই অভিযুক্তই ।
বহুদিন ধৰি যুৱকজনক গাঁৱত দেখা নোপোৱাত সন্দেহ হয় স্থানীয় লোকৰ। বিতোপন কামৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা বুলি মাতৃয়ে প্ৰচাৰ চলাই যদিও অৱশেষত মৃতদেহটো ঘৰৰ পিছফালে পুতি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে। তাৰ পিছতেই গাৱঁৰ লোকে হত্যাকাৰীৰ ঘৰ-দুৱাৰ জ্বলাই দিয়ে।

এই ঘটনাত সম্পৰ্কীয় মোমাই তথা স্থানীয় চৰকাৰী গাওঁবুঢ়া জড়িত থকাৰো গুৰুতৰ অভিযোগ কৰিছে ৰাইজে। পৰিস্থিতি অধিক উত্তপ্ত হোৱাত ধিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বিতোপনৰ মাতৃ আৰু ভনীয়েকক আটক কৰে ধিং আৰক্ষীয়ে ৷ আনহাতে কিশোৰ কুমাৰ ডেকা ঘৰ জোঁৱাই হিচাপে থকাতো বিতোপনে বিৰোধিতা কৰি আহিছিল।
বিতোপনৰ মাতৃ পেশাত এগৰাকী মদ বেপাৰী বুলি ৰাইজৰ অভিযোগ। পুত্ৰ বিতোপনে মদ বিক্ৰী কৰিবলৈও বাধা দিছিল মাতৃক । ইয়াকে লৈ ঘৰখনত প্ৰায়েই কন্দল সৃষ্টি হৈছিল। যাৰবাবে পুত্ৰক এনেদৰে হত্যা কৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে।
তাৰোপৰি বিতোপনৰ হত্যাত গাওঁবুঢ়া তথা মোমায়েক ডিম্বেশ্বৰ দাস জড়িত থকাৰ অভিযোগ কৰিছে স্থানীয় লোকে। উল্লেখ্য যে মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে পলায়ন কৰে অভিযুক্ত ঘৰ জোৱাই কিশোৰ কুমাৰ ডেকা। অতি শীঘ্ৰে ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী কৰিছে স্থানীয় ৰাইজে ৷












