ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ৩০৮জন ক’ৰোনাত আক্ৰান্ত।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩৯৬৫৪ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩০৮গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১০৯জন কামৰূপ মেট্ৰ’ৰ, ২৪জন শোণিতপুৰৰ, ২২জন বৰপেটাৰ আৰু ২২জন লখিমপুৰৰ।বুধবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৭৮ শতাংশ।
আনহাতে,বুধবাৰৰ দিনটোত মৃত্যু হৈছে ১ জন ব্যক্তিৰ৷উল্লেখ্য যে বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২৮২জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৮.৪২ শতাংশ।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ২২৬৩জন ৰোগী।
Summary of 20/10/2021
Today’s Total 308
Overall Positivity Percentage (308 cases out of 39,654 test done = 0.78%)
Kamrup(M) 109
Death 1
Recovery Rate 98.42%
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) October 20, 2021