ASSAM TIMES POST
ধুবুৰীঃ বিনাচৰ্তে এনআৰচিত অন্তৰ্ভুক্ত কৰা, পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবী আজি ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাই আক্ৰাছুৱে।
পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ বন্ধৰ আহ্বান জনায় সংগঠনটোৱে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্ধৰ প্ৰভাৱ পৰে৷ চাপৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বন্ধ সমৰ্থকসকলে।
চাপৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখা পৰিলক্ষিত হয়৷ আনহাতে ধুবুৰী জিলাতো শান্তিপূৰ্ণভাৱে বন্ধ পালন কৰে জনসাধাৰণে৷ জিলাখনত অৰ্ধশতাধিক প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে।
ইফালে অসম–বংগ সীমান্তৰ ছাগলীয়াত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছু সদস্যসকলে। প্ৰতিবাদকাৰীসকলে প্ৰতীক হাজেলাৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে।












