নিউজ ডেস্কঃ
পাকিস্তান এবং বাংলাদেশৰ সৈতে আন্তর্জাতিক সীমা থকা তিনি ৰাজ্যত ক্ষমতা বাঢ়িল সীমান্ত ৰক্ষী বাহিনী বা বিএছএফৰ। কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ নতুন নির্দেশনা অনুযায়ী, এইবাৰ অসম, পঞ্জাব আৰু পশ্চিমবঙ্গত আন্তর্জাতিক সীমান্তৰ পৰা ভাৰতীয় ভূখণ্ডৰ ৫০ কিলোমিটাৰ পর্যন্ত এলেকাত বিএছএফে গ্ৰেপ্তাৰ, তালাচী আৰু বাজেয়াপ্ত কৰাৰ কাম কৰিব পাৰিব।
সম্প্রতি পাক লাগোৱা সীমান্তৱর্তী এলেকাত ড্রোনৰ জৰিয়তে অস্ত্র উপলব্ধ কৰোৱাৰ ঘটনাৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে এই সিদ্ধান্ত লৈছে। বিএছএফৰ ক্ষমতা বৃদ্ধিৰ জৰিয়তে এই প্রবণতাত নাকী লগোৱাত সম্ভব হ’ব বুলি অনুমান নর্থ ব্লকৰ বিষয়াসকলৰ।
অৱশ্যে অমিত শ্বাহৰ গৃহ মন্ত্ৰালয়ৰ এই সিদ্ধান্তত ৰাজনৈতিক উত্তাপ বৃদ্ধি হৈছে। পঞ্জাবৰ মুখ্যমন্ত্রী চৰণজিৎ সিং চন্নীয়ে নতুন নির্দেশনাত আপত্তি জনাই টুইট কৰি কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তৰ গৰিহণা দিছে। কেন্দ্রীয় গৃহমন্ত্রীক সোনকালে এই অযৌক্তিক সিদ্ধান্ত প্রত্যাহাৰৰো আবেদন জনাইছে কংগ্রেছ শাসিত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্রীগৰাকীয়ে।
আনহাতে, কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ দাবী, ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশত লক্ষ্য ৰাখিয়ে সীমান্ত সংলগ্ন স্পর্শকাতৰ ৰাজ্যবোৰত বেআইনী কার্যকলাপ ৰোধৰ বাবে এই সিদ্ধান্ত। কিন্তু সেয়া মানিবলৈ নিবিচাৰে আন এটি মহলে।
ইফালে উক্ত নতুন নিয়মত অসম, পঞ্জাব আৰু পশ্চিমবঙ্গৰ ৰাজ্যিক আৰক্ষীৰ দৰেই তালাচী, বাজেয়াপ্ত আৰু গ্ৰেপ্তাৰৰ ক্ষমতা পালে বিএছএফে।
কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা নির্দেশনাত কোৱা হৈছে যে আন্তর্জাতিক সীমান্ত (ভাৰত-পাকিস্তান, ভাৰত-বাংলাদেশ) ৰ পৰা ভাৰতীয় ভূখণ্ডৰ ৫০ কিলোমিটাৰ পর্যন্ত এলেকাত বিএছএফক এই বিশেষ ক্ষমতা প্রদান কৰা হৈছে। আগতে এই সীমা আছিল ১৫ কিলোমিটাৰ। ইয়াৰ উপৰি সীমান্ত ৰক্ষী বাহিনীয়ে নাগালেণ্ড, মিজোৰাম, ত্রিপুৰা, মনিপুৰ আৰু লাদাখত তালাচী আৰু গ্ৰেপ্তাৰ কৰিব পাৰিছিল। অৱশ্যে ইয়াত ব্যতিক্রমো আছে।
ভাৰত-পাক সীমান্তৱর্তী গুজৰাটত ইমান দিনে বিএছএফৰ অধীন আছিল আন্তর্জাতিক সীমান্তৰ পৰা ভাৰতীয় ভূখণ্ডৰ ৮০ কিলোমিটাৰ এলেকা। নতুন নিয়মত সেয়াও কমাই ৫০ কিলোমিটাৰ কৰা হৈছে। আৰু এখন পাক সীমান্তৱর্তী ৰাজ্য ৰাজস্থানত অৱশ্যে আগৰ দৰে ৫০ কিলোমিটাৰৰ পৰিধিয়ে ৰখা হৈছে।
নতুন নির্দেশনাত উত্তৰ-পূর্বৰ ৫ ৰাজ্যৰ ক্ষেত্রত এলেকা নির্দিষ্ট কৰা হোৱা নাই। জম্মু-কাশ্মীৰ আৰু লাদাখৰ ক্ষেত্রতো সীমা ঠিক কৰা নাই।
অৱশ্যে এই ক্ষেত্ৰত আৰক্ষী আৰু বিএছএফৰ মাজত কিছু মনোমালিন্য হোৱাও পৰিলক্ষিত হৈছে।