ডিফুঃ
কাৰবি সাহিত্য সাহিত্য জগতত বৃহৎ অঘটন ৷ সকলোকে শোক সাগৰত ডুবাই
আজি কাৰ্বি লামমেত আমেই (কাৰ্বি সাহিত্য সভা)ৰ সভাপতি সিদ্ধিনাথ ৰংপিৰ আকস্মিক দেহাৱসান হয় ৷ উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত ৰংপিক পুৱা ডিফু মেডিকেল কলেজত ভৰ্তি কৰা হৈছিল।
চিকিৎসাৰ পূৰ্বেই DMCH মৃত্যু ঘটে সাহিত্যিক গৰাকীৰ। সাহিত্যৰ লগতে সুদীৰ্ঘ বছৰ ধৰি ৰাজনীতিৰ সৈতেও জড়িত আছিল ৰংপি।
তেওঁৰ মৃত্যুত শোকৰ ছাঁ পৰিছে ডিফুৰ লগতে সমগ্ৰ জিলাখনত। শোক প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাৰ। কাৰ্বি আংলং জিলা সাহিত্য সভাৰো শোক প্ৰকাশ।