নিউজ ডেস্কঃ
শাৰদীয় দুৰ্গোৎসৱৰ আনন্দৰ মাজতেই বিজনীৰ পাণবাৰী থানাৰ অন্তৰ্গত লাবদাংগুৰীত পিতৃ নিমাই ৰায়ক হত্যা কৰিলে পুত্ৰ ৰাজীৱ ৰায়ে। ঘটনা সংঘটিত কৰা পুত্ৰক স্থানীয় ৰাইজে আৰক্ষীক গটাই দিয়ে।
পিতৃয়ে প্ৰতিদিনে মদ খাই পৰিয়ালত অশান্তি কৰাৰ বাবে পুত্ৰ অতিষ্ঠ হৈ এই কাৰ্য সংঘটিত কৰে। ঘটনাস্থলীত পাণবাৰী থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে হত্যাকাৰী পুত্ৰ ৰাজীৱ ৰায়ক আটক কৰে।
ঘটনা অনুসৰি, আজি দুপৰীয়া ১২ মান বজাত নিহত নিমাই ৰায়ে মদ খাই পত্নীক অত্যাচাৰ কৰা বাবে পুত্ৰ ৰাজীৱ ৰায়ে লাঠিৰে প্ৰহাৰ কৰি হত্যা কৰে। আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত লাঠি আৰু পিতৃ নিমাই ৰায়ে পত্নী পুত্ৰক আক্ৰমণ কৰিবলৈ চেষ্টা কৰা দাঁ খন জব্দ কৰে।