নিউজ ডেস্কঃ
লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কুলাবালিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ দূৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে দুই যুৱক।
তীব্ৰগতিৰ ফলতেই এই দূৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। AS01AM 6045 নম্বৰৰ এখন চেভ্ৰলেট গাড়ীখনে বগীনদী সদৰৰ মৈদমীয়ালৈ গৈ থকা অৱস্থাত কুলাবালিৰ সমীপৰ ঘাইপথৰ ওপৰতে নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈৰ পানীত পৰে। অৱশ্যে, গাড়ী আৰোহী দুজন গুৰুত্বৰভাৱে আঘাত নোপোৱাকৈ ৰক্ষা পৰে। বগীনদী আৰক্ষীয়ে যুৱক দুজনক চিকিৎসাৰ ব্যৱস্থা কৰে।