নিউজ ডেক্স:
নোবেল শান্তি পুৰস্কাৰ গ্রহণৰ পিছদিনাই ফেচবুকৰ বিৰুদ্ধে সৰৱ হ’ল ফিলিপিন্সৰ সাংবাদিক মাৰিয়া ৰেছা। তেওঁ কয়, ‘‘গণতন্ত্রৰ বাবে বিপজ্জনক ফেচবুক।’’ তেওঁৰ অভিযোগ, বিশ্বৰ সর্ববৃহৎ সামাজিক মাধ্যমটি ঘৃণা, ভুৱা তথ্য বিয়পাই দিয়া ৰোধত সম্পূর্ণ ব্যর্থ। লগতে তেওঁ কয়, ‘‘বহু ক্ষেত্রত দেখা গৈছে যে তথ্য সন্দৰ্ভত একেবাৰেই নিৰপেক্ষ নহয় সংস্থাটি।’’
ফিলিপিন্সৰ সংবাদ সংস্থা ‘র্যাপলাৰ’ৰ প্রধান, এইগৰাকী প্রবীণ সাংবাদিকে এক সাক্ষাৎকাৰত কয়, ‘‘ফেচবুকৰ এলগৰিদমত সকলো সময়তে প্রাধান্য পায় মিছা খবৰ, ক্ষোভ আৰু ঘৃণাৰে পৰিপূর্ণ সংবাদ।’’ সম্প্রতি এই একেই অভিযোগত আমেৰিকান কংগ্রেছৰ অধিবেশনতো বিদ্ধ হৈছে ফেচবুক।
সংস্থাটোৰ এগৰাকী প্রাক্তন কর্মচাৰী ফ্রান্সেছ হগেন চিনেটত উপস্থিত হৈ কয়, কেনেদৰে কেৱল মুনাফা লুটিবলৈ মানুহৰ নিৰাপত্তাক লৈ খেলিছে ফেচবুকে। সমাজত বিভাজন সৃষ্টি কৰিছে। শিশুসকলৰ মানসিক স্বাস্থ্যৰ ক্ষতি কৰিছে। অৱশ্যে ৰেছাৰ মন্তব্যৰ পিছত এই পর্যন্ত কোনো উত্তৰ দিয়া নাই ফেচবুকে।