নিউজ ডেস্কঃ
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ প্রকাশিত বুলেটিন অনুযায়ী বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰোনাত আক্রান্ত হৈছে ২৮ হাজাৰ ৩২৬ জন। দেশৰ ভিতৰত দৈনিক সংক্রমণত শীর্ষ স্থানত আছে কেৰালাই। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ আক্রান্ত হৈছে ১৬ হাজাৰ ৬৭১ জন। শনিবাৰৰ তুলনাত সামান্য কমিলেও ৰাজ্যখনৰ সংক্রমণক লৈ উদ্বেগ বাঢ়িয়েই আছে। দেশৰ মুঠ দৈনিক সংক্রমণৰ আধাৰো বেছি উক্ত ৰাজ্যখনৰেই।
আ্হাতে, বিগত ২৪ ঘণ্টাত দেশত কৰোনাত মৃত্যু হৈছে ২৬০ জনৰ। যাৰ ভিতৰত ১২০ জন কেৰালাত। তামিলনাডু আৰু অন্ধ্রপ্রদেশতো নতুন আক্রান্তৰ সংখ্যা হাজাৰৰ ওপৰত। তাৰ পিছতেই আছে কর্নাটক। দৈনিক সংক্রমণৰ হাৰ শনিবাৰৰ তুলনাত সামান্য বাঢ়ি হৈছে ১.৯০ শতাংশ।
ইফালে বিগত ২৪ ঘণ্টাত ৬৮ লক্ষ ৪২ হাজাৰ ৭৮৬ জনক টীকা দিয়া হৈছে। ইয়াকে লৈ দেশৰ মুঠ চাৰে ৮৫ কোটি মানুহক টীকা দিয়া হৈছে।