ASSAM TIMES POST
নগাঁও: নগাঁৱৰ বেবেজীয়াত দেওবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন আৰক্ষী কনিষ্টবল নিহত হয় ।নিহত কনিষ্টবলজনৰ নাম তৈয়বুৰ আলী বুলি জানিব পৰা গৈছে ।বেবেজীয়া পহৰা আৰক্ষী চকীত কৰ্মৰত তৈয়বুৰ আলীৰ ঘৰ বিলাসীপাৰাৰ লক্ষীগঞ্জত।
কনিষ্টবল তয়বুৰ আলীয়ে নিশা পথৰ কাষেৰে আহি থকা অবস্হাত পিছফালৰ পৰা তীব্র বেগত এএছ ০২ এক্স ৩৩৯৭ নম্বৰৰ এফ জেদ মটৰ চাইকেলখনে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।
পিছত গুৰুতৰ ভাবে আহত কনিষ্টবল জনক স্থানীয় ৰাইজে তৎপৰতাৰে চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসালয়তে আৰক্ষী কনিষ্টবল জনৰ মৃত্যু হয় ।
আৰক্ষী কনিষ্টবল তয়বুৰ আলীয়ে শৰীৰ চৰ্চা কৰি ৰাজ্যিক পৰ্য্যায়ত কেইবাটাও বঁটা লাভ কৰিছিল। আনহাতে এই দুৰ্ঘটনাটোত মটৰ চাইকেল আৰোহী জনো গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ।












