ASSAM TIMES POST
গৌৰীপুৰ,সুৰজ কুমাৰ মহতৌঃ ধুবুৰী জিলাৰ নায়েৰ আলগা উপ-আৰক্ষী চৰীৰ ঝেলটুৰ চৰ ৩য় খণ্ড গাঁৱৰ মাদ্ৰাছা মাছতুৰাতুল বানাতত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় ৷
মাদ্ৰাছাখনত থকা ৰান্ধনী গৃহৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ সেই সময়ত মাদ্ৰাছাখনত থকি ৬০ জন ছাএীৰ মাজত হাহাকাৰৰ সৃষ্টি হয় ৷ পলকেতেই বানাত মাদ্ৰাছাখনৰ চাৰিওপিনে জুই বিয়পি পৰাত ৰান্ধনী গৃহ সহ শ্ৰেণী কোঠা জ্বলি ভষ্মীভূত হয়।
এই অগ্নিকাণ্ড সংঘটিত হোবাত ওচৰ-চুবুৰীয়া উপস্থিতহৈ এই জুই নুমাবলৈ সক্ষম হয় ৷
ইয়াৰ ফলত মাদ্ৰাছাখনত থকা গুৰুত্ব পূৰ্ণ আচবাব।
আনহাতে এই অগ্নিকাণ্ডৰ ফলত ৮-৯ লাখ টকাৰ ক্ষতি সাধন হয় বুলি মাদ্ৰাছা কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷












