নিউজ ডেস্ক
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ জাগুন আৰক্ষী থানাৰ অন্তৰ্গত লাকলাত অৱস্থিত ‘অস্মিতা কাৰ ৱাচিং চেণ্টাৰ’ নামে ব্যৱসায়িক প্ৰতিষ্ঠানখন আজি দিনত হঠাৎ জ্বলি উঠে। ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পাছফালে থকা ৰান্ধনীশাল তথা গাড়ী ধুবলৈ ব্যৱহৃত কেইবাটাও মটৰ পাম্পৰ লগতে দৰকাৰী সামগ্ৰী সমূহ জুইত জাঁহ যায়।
অৱশ্যে, এই জুইয়ে কোনো ব্যক্তিৰ ক্ষতিসাধন কৰা নাই। প্ৰতিষ্ঠানটোৰ গৰাকীৰ মতে, ছৰ্ট চাৰ্কিটৰ ফলত এনে ঘটনা সংঘটিত হৈছে। যথোপযুক্ত সময়ত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হোৱা বাবে ওচৰৰ কোনো আন প্ৰতিষ্ঠান ক্ষতিসাধন হোৱা নাই।
উক্ত অগ্নিকাণ্ডৰ ফলত প্ৰায় দহ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত হোৱাৰ অনুমান কৰিব পাৰি। উক্ত ঘটনা সন্দৰ্ভত আৰক্ষী বাহিনীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।