মনোজ কুমাৰ পাঠক
কমল বৰা নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
অভিযানত বিকাশ ৰায় নামৰ লংকা হাই স্কুলৰ উচ্চবৰ্গৰ সহায়ক (কেৰাণি) গৰাকী উৎকোচ লোৱা অৱস্থাত হাতে লুতে ধৰা পৰে দুৰ্নীতি নিবাৰক শাখাৰ হাতত।
উল্লেখযোগ্য যে, কমল বৰা নামৰ অবসৰ প্ৰাপ্ত শিক্ষকগৰাকীৰ পেঞ্চনৰ ধন মুকলাই দিয়াৰ নামত উচ্চ বৰ্গৰ সহায়ক বিকাশ ৰায়ে বিচাৰিছিল ৭০ হাজাৰ টকাৰ উৎকোচ।
উৎকোচৰ আগধন ৰূপে আজি দহ হাজাৰ টকা লওতে দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰে বিকাশ ৰায়।
বৰ্তমান বিকাশ ৰায় সম্প্ৰতি লংকা আৰক্ষীৰ জিম্মাত। আৰক্ষীৰ জেৰা অব্যাহত।