![]()
নিউজ ডেস্কঃ
২০০২ চনৰ এক পথ দুর্ঘটনাক কেন্দ্র কৰি এটি ভিডিও গেম নিৰ্মাণ কৰা হৈছে। উক্ত দুর্ঘটনাত জড়িত আছিল ছলমন খানৰ নাম। অভিনেতাগৰাকীক ব্যঙ্গ কৰিয়ে গেমটোৰ নাম ৰখা হয় ‘ছেলমন ভাই’। এই ভিডিও গেমটোৰ বিৰুদ্ধে মুম্বাই চিভিল কোর্টৰ দ্বাৰস্থ হৈছিল অভিনেতাগৰাকী।
ইয়াৰ ৰায়ত এই ভিডিও গেমৰ নির্মাতা পেৰডি ষ্টুডিঅ’জ প্রাইভেট লিমিটেডক এই গেমটো বা ছলমন সম্পর্কীয় আৰু কোনো ধৰণৰ বস্তু প্রচাৰ আৰু নতুনকৈ নিৰ্মাণ নকৰাৰ নির্দেশ দিছে আদালতে। লগতে গুগল প্লে’ আৰু অন্যান্য প্লেটফর্মৰ পৰা এই ভিডিও গেমটো আঁতৰাই নিয়াৰ নির্দেশো দিয়া হয়। আদালতে জনাইছে যে ছলমন খানক কেন্দ্ৰ কৰিয়ে এই ভিডিও গেমৰ চৰিত্রটো চিত্ৰায়ন কৰা হৈছে যদিও তেওঁৰ পৰা কোনো ধৰণৰ অনুমতি লোৱা হোৱা নাই।
লগতে কয় যে এই ক্ষেত্রত ছলমন খানৰ গোপনীয়তা ৰক্ষাৰ অধিকাৰ উলংঘা হৈছে আৰু তেওঁৰ ভাবমূর্তি বিনষ্ট হৈছে।
উল্লেখ্য, যোৱা মাহত ছলমনে আদালতত এই গেমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। অভিনেতাগৰাকীৰ অভিযোগ, গেমৰ চৰিত্রৰ ছবি আৰু নামৰ সৈতে তেওঁৰ মিল আছে। ছলমনক তেওঁৰ অনুৰাগীসকলে ‘ছলমন ভাই’ বুলি মাতে। সেয়ে নির্মাতাইও তেওঁক ব্যঙ্গ কৰিয়েই এই গেমৰ নাম ‘ছেলমন ভাই’ ৰাখিছে।













