সহজ উপায়েৰে যি মানুহে সফলতা লাভ কৰিব বিচাৰে তেওঁ কেতিয়াও স্হায়ীত্ব লাভ কৰিব নোৱাৰে : মুখ্যমন্ত্ৰী
ASSAM TIMES POST
নগাঁওঃ আনন্দৰাম ঢ়েকিয়াল ফুকনৰ কবিতা পঢ়ি ল’ৰালি কালতে অসমৰ ভৱিষ্যত গঢ়াৰ সপোন দেখিছিলো । তেখেতে লিখনিৰ জড়িয়তে অসমৰ ভৱিষ্যত প্ৰজন্মক আহৱান জনাইছিল – এইখন অসমক আধুনিক ৰূপত গঢ় দিব লাগিব ।এই গৰাকী মহান ব্যক্তিৰ যি আশা – আকাংখ্যা তাক পূৰণ কৰাৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিবই লাগিব ।
নগাঁৱৰ আনন্দৰাম ঢ়েকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সমাপন সভাত অংশগ্রহণ কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই মন্তব্য কৰে।
মুখ্যমন্ত্ৰী সোনোৱালে আৰু কয়, পৰিশ্ৰম নকৰিলে পৰিবৰ্তন নাহে ।পৰিশ্ৰম নকৰিলে সফলতাৰ দুৱাৰ দলিত উপনীত হ’ব নোৱাৰে ।এই কথাষাৰ মানি সকলো ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰ নিৰ্মানত উল্লেখযোগ্য ভূমিকা ল’ব লাগিব ।
ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে , এই সময়খিনি সোণালী সময়।এইখিনি সময় যদি সকলোৱে সদব্যৱহাৰ কৰে জীৱনত নিশ্চিত ভাবে সফল হব।সহজ উপায়েৰে যি মানুহে সফলতা লাভ কৰিব বিচাৰে তেওঁ কেতিয়াও স্হায়ীত্ব লাভ কৰিব নোৱাৰে, সন্মান বুটলিব নোৱাৰে।কঠোৰ পৰিশ্ৰমৰে আয়ত্ব কৰা সফলতাই নিজৰ লগতে সমাজক আৰু ৰাষ্ট্ৰক সুখী কৰে। মানব সমাজত আদৰ্শ প্ৰতিষ্ঠা কৰে।এই লক্ষ্যৰে প্ৰত্যেকগৰাকী ছাত্ৰ- ছাত্ৰীয়ে নিজৰ জীৱন গঢ়িব লাগিব।মূল্যবোধৰ আধাৰত নেতৃত্ব বহন কৰিব লাগিব।
ইয়াৰোপৰি মহাবিদ্যালয়খনৰ ছাত্র- ছাত্ৰী সকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে ভাষণত কয় ছাত্ৰ-ছাত্ৰী সকলে এলাহৰ মনোভাৱ ত্যাগ কৰি কঠোৰ পৰিশ্ৰমৰে অধ্যয়ন কৰি মহাবিদ্যালয় খনক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিবৰ বাবে প্ৰত্যেকেই সংকল্প লব লাগিব।
কৰ্মই সাধনা, কৰ্তব্যই ভগৱান বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে আজিৰ প্ৰতিযোগিতাৰ যুগত ছাত্ৰ-ছাত্ৰীয়ে নিজকে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ হলে কঠোৰ অধ্যয়ন কৰিব লাগিব। এই পৃথিৱীত মানুহে কৰিব নোৱাৰা কাম একো নাই কেৱল লাগে একাগ্ৰতা, সততা আৰু নিষ্ঠা।এই সমূহৰ জৰিয়তে সকলো সম্ভৱ কৰিব পাৰি।
ভাষন প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে স্বামী বিবেকানন্দৰ আৰ্দশৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতবৰ্ষক বিশ্ব গুৰুৰ আসনত বহুৱাবৰ বাবে লক্ষ্য স্হিৰ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিজ্ঞান প্ৰযুক্তিবিদ্যা ,সাহিত্য, সংস্কৃতি,অৰ্থনৈতিক,ৰাজনীতি, সামাজিক ,আধ্যাত্মিক আদি দিশত ভাৰতবৰ্ষ আমেৰিকা চীনকৈও শক্তিশালী ৰূপত প্ৰতিষ্ঠা হওক ,আমিও এই দিশত আত্মনিয়োগ কৰিব লাগিব ।
তেতিয়াহে ভাৰতবৰ্ষৰ বিশ্ব গুৰু আসনত প্ৰতিষ্ঠা লাভ কৰিব।অসমে সমমৰ্যদাৰে ,সম অধিকাৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে দেশ খনৰ লগতে দক্ষিণ পূৱ এছিয়াত শীৰ্ষ স্হান অধিকাৰ কৰিব লাগিব।তাৰবাবে প্ৰতিজন অসমীয়াই ঐক্যবদ্ধ ভাবে সবকা সাথ সবকা বিকাশ এই নীতি লৈ আগবাঢ়িব লাগিব।
সভাত দিয়া ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয়, অসমত আই আই টি পৰ্যায়ৰ এখন ফুড প্ৰচেচিং ইনষ্টিটিউট হ’ব । এই প্ৰতিষ্ঠান খনৰ বাবে ৰাজ্য চৰকাৰৰ পৰা পঞ্চাশ বিঘা মাটি বিচৰা হৈছে । সভাত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মায়ো ভাষণ দিয়ে ।
আনন্দৰাম ঢ়েকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ ভাগৱতীয়ে আদৰনি ভাষণ দিয়া আৰু অধ্যাপক অৰিন্দম বৰকটকীয়ে আঁত ধৰা সভাখনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই , বিধায়ক ডিম্বেশ্বৰ দাস , নগাঁৱৰ উপায়ুক্ত যাদৱ শইকীয়া , আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধি উপস্হিত থাকে ।